শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত ভাৰত...

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰত। কলম্বোৰ প্ৰেমদাচা ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত চুপাৰ-৪ ৰাউণ্ডৰ খেলখনত ভাৰতে শ্ৰীলংকাক ৪১ ৰাণত পৰাস্ত কৰে।

author-image
Asomiya Pratidin
New Update
শ্ৰীলংকাক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত ভাৰত...

ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ। ভাৰতীয় দলটোৱে দশমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বোৰ প্ৰেমদাচা ষ্টেডিয়ামত মঙলবাৰে অনুষ্ঠিত চুপাৰ-৪ ৰাউণ্ডৰ খেলখনত ভাৰতে শ্ৰীলংকাক ৪১ ৰাণত পৰাস্ত কৰে।

Advertisment

ভাৰতীয় দলটোৱে শ্ৰীলংকাক জয়ৰ বাবে ২১৪ ৰাণৰ লক্ষ্য দিছিল। কিন্তু ১৭২ ৰানতে ইনিংছ সমাপ্ত হয় শ্ৰীলংকাৰ। ধনঞ্জয়া ডি চিলভা ৪১ ৰাণৰ সৈতে শ্ৰীলংকাৰ হৈ শীৰ্ষ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ আৰম্ভণি অতি দুৰ্বল আছিল আৰু মুঠ ২৫ ৰাণত ৩টা ইউকেট হেৰুৱাইছিল।

ৰোহিত শৰ্মাই ৫৩ ৰান, কে এল ৰাহুলে ৩৯ ৰান, ঈশান কিষাণে ৩৩ ৰান আৰু অক্ষৰ পেটেলে ২৬ ৰাণৰ অৱদান কৰে আজিৰ খেলত। শ্ৰীলংকাৰ দিনুথ ভেল্লালেগে ১০ অভাৰত ৪০ ৰাণন পাঁচটা উইকেট দখল কৰিছিল।

আনহাতে ভাৰতৰ হৈ কুলদীপ যাদৱে ৪ টা, ৰবীন্দ্ৰ জাদেজা আৰু জছপ্ৰীত বুমৰাহে ২টা উইকেট লয়।

Also Read: 'ইণ্ডিয়া'ৰ লগত নাথাকে! বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আপে

india cricket asia cup