মিজোৰাম বিধানসভা নিৰ্বাচনঃ ৯গৰাকী প্ৰাৰ্থীৰ সৈতে বিজেপিৰ দ্বিতীয়খন তালিকা...

মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা বুধবাৰে বিজেপিয়ে ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
এইবাৰ তিতাবৰ বিজেপিৰ পৌৰপতি ৰূপা দত্ত শইকীয়াৰ পদত্যাগ

bjp

ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা বুধবাৰে বিজেপিয়ে ঘোষণা কৰিছে। ৯ জন প্ৰাৰ্থীৰ বাবে দ্বিতীয়খন তালিকা ঘোষণা ভাৰতীয় জনতা পাৰ্টীৰ।

ইয়াৰ পূৰ্বে বিজেপিয়ে ১২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল। ৪০ জনীয়া বিধানসভাৰ বাবে বৰ্তমানলৈ বিজেপিয়ে ২১ জন প্ৰাৰ্থী ঘোষণা কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ইতিমধ্যে ৪০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ৰাহুল গান্ধীৰ মিজোৰাম ভ্ৰমণৰ সময়ত এই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে দলটোৱে।

৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনতে আপেও প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে কিমানখন আসন আৰু কৰ পৰা কৰিব এই প্ৰতিদ্বন্দ্বিতা এতিয়ালৈকে ঘোষণা কৰা নাই।

৪০ জনীয়া মিজোৰাম বিধানসভাত মিজো নেচনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটৰ সৈতে ২৬ খন আসন লাভ কৰি ২০১৮ চনৰ নিৰ্বাচনত বিজয়ী হৈছিল। কংগ্ৰেছে পাঁচখন আসন লাভ কৰিছিল আৰু বিজেপিয়ে এখন আসন জিকিছিল।

Also Read: গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ

mizoram bjp