মিজোৰামৰ নিৰ্বাচনঃ এমএনএফ, কংগ্ৰেছ, জেদপিএমৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

মিজোৰামৰ নিৰ্বাচনঃ এমএনএফ, কংগ্ৰেছ, জেদপিএমৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও মিজোৰামত নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰধান ৰাজনৈতিক দল সমূহ। ৰাজ্যখনত নিৰ্বাচন আয়োগে এতিয়ালৈকে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই।

Advertisment

আন ৪ খন ৰাজ্যৰ লগতে মিজোৰামতো একেলগে অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও মিজোৰামত শাসকীয় দল এমএনএফ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু জেদপিএমে তেওঁলোকৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে।

অৱশ্যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মিজোৰামত এখন আসন লাভ কৰা বিজেপিয়ে এই পৰ্যন্ত কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। শাসকীয় এমএনএফে প্ৰাৰ্থীত্ব প্ৰদান নকৰা কেইবাজনো বঞ্চিত প্ৰাৰ্থীক বিজেপিয়ে টিকট প্ৰদান কৰাৰ সম্ভাৱণা আছে।

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰামত আটাইকেইটা ৰাজনৈতিক দলে নিৰ্বাচনী ততপৰতা আৰম্ভ কৰিছে। কংগ্ৰেছে দ্যা পিপুলছ এনফাৰেন্স আৰু জোৰাম নেছনেলিষ্ট পাৰ্টিৰ সৈতে নিৰ্বাচনী বুজাপৰাত উপনীত হৈছে।

উল্লেখ্য যে, এই দুই সংগঠনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে যদিও কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচন আয়োগৰ এক সূত্ৰ অনুসৰি অতি সোনকালেই মিজোৰাম আৰু আন ৪ ৰাজ্যৰ নিৰ্বাচনীসূচী ঘোষণা কৰাৰ সম্ভাৱণা আছে। চলিত বৰ্ষৰ ডিচেম্বৰত মিজোৰাম ৪০ জনীয়া বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব।

Also Read: মুখ্যমন্ত্ৰীয়ে দেখিছেনে? অমৃত পানী ওলাইছে...

election mizoram