মুখ্যমন্ত্ৰীয়ে দেখিছেনে? অমৃত পানী ওলাইছে...

দেশত এতিয়া অমৃত কাল চলিছে। দেশৰ সৈতে একেলগে খোজ মিলাই ৰাজ্যতো চলিত অমৃত কাল।ৰাজ্যচৰকাৰৰ অধীনত এটাৰ পাছত আন এটা আঁচনি ৰূপায়ন কৰি নাম দিয়া হৈছে

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীয়ে দেখিছেনে? অমৃত পানী ওলাইছে...

বৰষা শৰ্মা

দেশত এতিয়া অমৃত কাল চলিছে। দেশৰ সৈতে একেলগে খোজ মিলাই ৰাজ্যতো চলিত অমৃত কাল।ৰাজ্যচৰকাৰৰ অধীনত এটাৰ পাছত আন এটা আঁচনি ৰূপায়ন কৰি নাম দিয়া হৈছে- অমৃত বৃক্ষ, অমৃত কলহ আদি। কিন্তু এই অমৃত বৃক্ষ, অমৃত কলহে কি উপকাৰ কৰিছে ভাৱি উৱাদি পোৱা নাই ৰাইজে।

"মোৰ মাটি, মোৰ দেশ"- শ্লোগানেৰে গাঁও-চহৰত কলহত ভৰোৱা হৈছে মাটি। সেই মাটি যাব দিল্লীলৈ। হয়তো মাটিতকৈ ওপৰত একোয়েই নাই। মাটিৰ গোন্ধতেই আছে আমাৰ অস্তিত্ব।

কিন্তু এতিয়া অমৃত কলহত মাটি দিবলৈ ৰাইজৰ ওচৰত নাই মাটি। সকলোফালে কেৱল পানী আৰু পানী। এজাক বৰষুণৰ পাছতে জলমগ্ন হৈ পৰা গুৱাহাটী মহানগৰীত এতিয়া এককাল পানীত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৰাইজে।

নাই থকা ঠাই। ঘৰৰ ভিতৰত এআঁঠু পানী। খাবলৈও নোহোৱা হৈ পৰিছে বয়-বস্তু। তথাপিও পেটৰ ভোকৰ কথা চিন্তা নকৰি কেনেকৈ সুৰক্ষিত ঠাইলৈ যাব পাৰি তাৰ চিন্তা কৰিছে ৰাইজে।

এয়া একো নতুন কথা নহয়। গুৱাহাটীত এজাক বৰষুণৰ পাছতে ভৰি পৰে ৰাজপথ। কিন্তু সেই পানী নেদেখে চৰকাৰী মানুহে। সেয়ে মুখ্যমন্ত্ৰীয়ে কয় - মইতো ৰাতি ১০ বজালৈ বাহিৰত আছিলো।কতো একো পানী নেদেখিলো। গুৱাহাটীত এতিয়া আগৰ দৰে পানী নাই।

এই গা এৰা মন্তব্য কৰিলেও জনতাই কিন্তু যন্ত্ৰণা ভুগিয়েই আছে।কৃত্ৰিম বান ৰোধ কৰাৰ কথা ক'লেও সেয়া কৰিবলৈ ব্যৰ্থ হৈছে চৰকাৰ। বিভাগীয় মন্ত্ৰীৰো গা এৰা মন্তব্য। মাজে মাজে স্থান পৰিদৰ্শন কৰাৰ বাবে যোৱাতেই যেন শেষ দায়িত্ব।

কৃত্ৰিম বানৰ ফলত গুৱাহাটীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা ১০ বজাত ঘৰ সোমাব লগা মানুহ ঘৰ পাইছে পুৱা ১০ বজাত। ৬ অক্টোবৰো একেই অৱস্থা। পানী ফালি ফালি এক বিপদজনক পৰিস্থিতিৰ মাজেৰে একাংশই যাতায়ত কৰি আছে। ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে হেল্পলাইন নম্বৰ।

উন্নয়নৰ নামত পথৰ মাজত খন্দা গাঁত,উন্মুক্ত পদপথ কৃত্ৰিম বানৰ সময়ত হৈ পৰে মৰণফাণ্ড। সেই সকলো প্ৰত্যাহ্বান লৈ ৰাইজে কেৱল পেটৰ তাড়ানাত ওলাই আহিছে বাহিৰলৈ । কলৰ ভুৰ চলিছে এতিয়া গুৱাহাটীৰ ৰাজপথত। এই সকলো ফটো, ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেয়া হয়তো মুখ্যমন্ত্ৰীয়ে দেখি বুজিছে ছবিয়ে মিছা কথা নকয়।

এয়াই নেকি অমৃত কাল? য'ত এজাক বৰষুণ দিলেই গুৱাহাটী মহাসাগৰ হৈ পৰে। এই অমৃত কিন্তু কাৰো কাম্য নহয়।

আমাক লাগে অমৃত পানী। খোৱাপানীৰ অভাৱত ভুগি আহিছে গুৱাহাটী মহানগৰী। কেতিয়াবা এদিন দুদিনলৈ পানী নাপাই মহানগৰবাসীয়ে। পানী যোগান ধৰিবৰ বাবে বিভিন্ন আঁচনি আনিছে চৰকাৰে। সেই আঁচনিৰ নামত ৰাজপথ খান্দিছে আৰু সেই ৰাজপথেই এতিয়া মৰণফাণ্ডত পৰিণত হৈছে।

কৃত্ৰিম বান ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ। কোটি কোটি টকা খৰচ কৰাৰ পাছতো কোনো পৰিবৰ্তন হোৱা নাই। ঠায়ে ঠায়ে ফ্লাইঅ'ভাৰ নিৰ্মাণ কৰি স্মাৰ্ট গুৱাহাটীৰ ফুলজাৰি ফুটালেও সেয়া এজাক বৰষুণেই ধুই নিয়ে।

আমাক লাগে অমৃত বাট-পথ, অমৃত উন্নয়ন। কিন্তু সেয়াও যেন মেল মিটিঙৰ ভাষণতেই সীমাবদ্ধ আছে। দিনে দিনে বস্তু বাহিনীৰ দাম বাঢ়িছে। ঘৰুৱা চিলণ্ডাৰটোৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ মাছুললৈ সকলোতে কেৱল মূল্যবৃদ্ধি হৈছে। সেয়া ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ।

চৰকাৰৰ মতে এয়া অমৃত কাল। কিন্তু সঁচাকৈয়ে জানো জনতাই পাইছে অমৃত কালৰ সোৱাদ? নে কেৱল মুষ্টিমেয় লোকৰ মাজতে সীমাবদ্ধ আছে অমৃত?

গুৱাহাটী আমাৰ সকলোৰে। গুৱাহাটী উত্তৰ-পূৱৰ দুৱাৰমুখ। ঐতিহ্য আৰু প্ৰকৃতিৰ ৰম্যভূমি। গুৱাহাটীক সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে। জাবৰ জোথৰ য'তে ত'তে নেপেলাবলৈ বাৰে বাৰে চৰকাৰে অনুৰোধ জনোৱাৰ পাছত একাংশই ৰাতিৰ সুযোগ লৈ ৰাজপথত বা কেতিয়াবা নলাতে দলিয়াই আহে জাবৰৰ টোপোলা। এনেবোৰ কাৰণতে নলা বন্ধ হৈ পৰে আৰু গুৱাহাটী হৈ পৰে লেতেৰা।

গুৱাহাটীৰ উন্নয়নৰ বাবে বছৰি বছৰি কোটি কোটি টকা ধাৰ্য কৰা হয়। কিন্তু তাৰ যদি একো কামেই নহয় তেন্তে সেই ধন ক'ত ব্যয় কৰে গুৱাহাটী পৌৰ নিগমে? যদি বৰষুণ হ'লেই ৩-৪ দিনলৈ পানীতে সকলো আৱদ্ধ হৈ থাকিব লাগে তেন্তে গুৱাহাটী পৌৰ নিগমৰ প্ৰয়োজন ক'ত?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিংগাপুৰৰ দৰে বনাব বুলি কৈছিল।তেওঁ কৈছিল-  চিংগাপুৰ, বেংককৰ সৈতে ফেৰ মাৰিব পাৰিব গুৱাহাটীয়ে। মহানগৰীত হ'ব ফেৰী টাৰ্মিনেল।ইয়াৰ পৰা অতি সহজে যাব পাৰিব কামাখ্যালৈ। জাহাজত উঠি ব্ৰহ্মপুত্ৰ পাৰ লৈ এলিভেটৰেৰে কামাখ্যা পাহাৰত উঠিব পাৰিব। কিন্তু এতিয়া জাহাজ নহয়, কলৰ ভুৰত মানুহে যাতায়ত কৰি আছে।

এনেদৰেই যদি থাকে সকলো তেন্তে গুৱাহাটী থকাৰ বাবে অনুপযোগী হৈ পৰিব। কিন্তু গুৱাহাটীক এৰি কোনোৱে থাকিব নোৱাৰে। । গুৱাহাটী ঐতিহ্য, ৰাজনীতি, সমাজ, ব্যৱসায়, সাংস্কৃতিক,যোগাযোগ সকলো দিশৰ পৰাই গুৰুত্বপূৰ্ণ।

আশা এটাই, গুৱাহাটীৰ বানপানী নেদেখা ৰজাঘৰীয়াই এই পানী দেখক। উন্নয়নৰ নামত খান্দি থোৱা গাতবোৰো সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক। কিয়নো মুখ্যমন্ত্ৰীয়ে নেদেখিলেও জনতাৰ জীৱন কিন্তু বানপানীৰ বিপৰ্যস্ত হৈ পৰিছে।

Also Read: ভাৰতৰ মাটিত হ'ব সপোন পূৰণ

flood himanta biswa sarma