মিজোৰাম ZPM ৰ! প্ৰায় ২০০০ ভোটত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা

মিজোৰাম ZPM ৰ! প্ৰায় ২০০০ ভোটত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা

author-image
Asomiya Pratidin
New Update
মিজোৰাম ZPM ৰ! প্ৰায় ২০০০ ভোটত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা

ডিজিটেল ডেস্কঃ মিজোৰামত চৰকাৰ গঠনৰ দিশে জেডপিএম। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ১১ বজালৈকে ২৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে জেডপিএমে। ইয়াৰে কেইখনমান আসনত ইতিমধ্যে জয়লাভো কৰিছে দলটোয়ে।

Advertisment

আনহাতে শাসনাধিষ্ঠ এমএনএফে ১০ টা সমষ্টিত আগবাঢ়ি আছে। ইতিমধ্যে পৰাস্ত হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। আইজল ইষ্ট-১ ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল থাংগাই।

 সমষ্টিটোত জয়লাভ কৰে জেডপিএমৰ প্ৰাৰ্থী লালডো হোমাই। ২১০১ টা ভোটত পৰাজয় বৰণ কৰে জোৰাম থাংগাই।

উল্লেখ্য যে, ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ মেজিক নম্বৰ ২১ । ইতিমধ্যে এয়া স্পষ্ট হৈ পৰিছে যে জেডপিএম চৰকাৰ গঠন কৰিব মিজোৰামত। মাত্ৰ কেইটামান মূহুৰ্তৰ পাছতে ওলাই পৰিব চূড়ান্ত ফলাফল।

Also Read: কঠীয়াতলীত বন্যহস্তীয়ে তহিলং কৰিছে পথাৰৰ ধান আৰু পাচলি খেতি

Zoramthanga mizoram