কঠীয়াতলীত বন্যহস্তীয়ে তহিলং কৰিছে পথাৰৰ ধান আৰু পাচলি খেতি

কঠীয়াতলীত বন্যহস্তীয়ে তহিলং কৰিছে পথাৰৰ ধান আৰু পাচলি খেতি

ডিজিটেল সেৱা, কঠীয়াতলী: নগাঁও জিলাৰ কঠীয়াতলী বন কাৰ্য্যালয়ৰ অন্তৰ্গত ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বন্যহস্তীৰ উপদৱ । নিশা হ'লেই কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা প্ৰায় ২০০ জনীয়া হাতীৰ বৃহৎ জাক এটাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ভিন্ন প্ৰান্তত চলাই আহিছে সন্ত্ৰাস।

প্ৰায় ১০ দিন ধৰি হাতীৰ জাকটোৱে নিজ কঠীয়াতলী, মহগড়, আহোম গাঁৱৰ কৃষকৰ শ শ বিঘা ধান খাই তহিলং কৰাৰ লগতে বহু বিঘা পাচলি খেতি অনিষ্ট কৰাত কান্দোনত ভাঙি পৰিছে কৃষকসকল ।

পাচলি খেতি কৰি পৰিয়াল পোহপাল দিয়া কৃষক সকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । চৰকাৰক এইসকল ভুক্তভোগী কৃষকক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে ।ইফালে হাতীৰ জাকটোত এটা নিচেই কনমানি হাতী পোৱালিক আঘাটপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । হাতী পোৱালিটোৰ এটা ভৰি ফুলি যোৱাৰ বাবে ভালকৈ খোজকাঢ়িব পৰা নাই । যাৰ বাবে উক্ত হাতী পোৱালিটোক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় লোকে বন বিভাগক অনুৰোধ জনাইছে ।

কঠীয়াতলীত বন্যহস্তীয়ে তহিলং কৰিছে পথাৰৰ ধান আৰু পাচলি খেতি
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হ'ল কেইবাখনো দোকান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in