ভাৰত-ম্যানমাৰ সীমান্তত বেৰ স্থাপন কৰা কেন্দ্ৰৰ সিদ্ধান্তক বাধা দিব নোৱাৰোঃ মিজোৰামৰ মুখ্যমন্ত্ৰী

ভাৰত-ম্যানমাৰ সীমান্তত বেৰ স্থাপন কৰা কেন্দ্ৰৰ সিদ্ধান্তক বাধা দিব নোৱাৰোঃ মিজোৰামৰ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমাই শনিবাৰে কয় যে চৰকাৰৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ স্থাপন কৰা আৰু মুক্ত চলাচল ব্যৱস্থা (এফএমআৰ) প্ৰত্যাহাৰ কৰা সিদ্ধান্তক তেওঁ বাধা দিব পৰা ক্ষমতা নাই। তেওঁ অৱশ্যে কৈছে যে তেওঁ ইয়াৰ বিৰোধী।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণাৰ কেইঘণ্টামান পিছত ইয়াত এখন সংবাদমেল সম্বোধন কৰি লালদুহোমাই কয় যে মিজোৰাম ম্যানমাৰৰ সৈতে সীমান্ত পূৰ্বৰ ব্ৰিটিছ শাসনৰ দ্বাৰা "জাপি" দিয়া হৈছিল। সীমান্তৰ দুয়োফালে বাস কৰা মিজো লোকসকলে ইয়াক গ্ৰহণ নকৰে।

তেওঁ কয় যে, যদি সীমান্তত কেন্দ্ৰই বেৰি দিয়াৰ পদক্ষপ লৈছে তেন্তে তাত বাধা দিয়াৰ ক্ষমতা আমাৰ নাই। আমি বাধা দিব নোৱাৰো। তেওঁ কয় যে, তেওঁৰ চৰকাৰ আৰু মিজোৰামৰ বিভিন্ন দল-সংগঠন সীমান্তত বেৰ দিয়া আৰু এফএমআৰ বাতিল কৰাৰ বিৰোধী। কিয়নো মিজোসকলৰ ম্যানমাৰৰ চিন সম্প্ৰদায়ৰ সৈতে জাতিগত সম্পৰ্ক আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, দেশৰ বিভিন্ন প্ৰান্তত থকা মিজোলোকসকলে একগোট হোৱাৰ সপোন দেখে। গতিকে বৰ্তমানৰ পদক্ষেপে ব্ৰিটিছসকলে জাপি দিয়া সীমাক মঞ্জুৰি প্ৰদান কৰাৰ সমান হ'ব।

ভাৰত-ম্যানমাৰ সীমান্তত বেৰ স্থাপন কৰা কেন্দ্ৰৰ সিদ্ধান্তক বাধা দিব নোৱাৰোঃ মিজোৰামৰ মুখ্যমন্ত্ৰী
দ' খাৱৈত বাগৰি পৰিল বাহন, প্ৰাণ হেৰুৱালে দুজনে, আহত ৪ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in