/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/b0a949c1-d67e-45f7-9cf6-77032e71b6e9/blasy.jpg)
ডিজিটেল ডেস্ক: মিজোৰাম সীমান্তত ম্যানমাৰৰ বোমা বৰ্ষণ। মিজোৰামৰ মিলিকিয়া কেম্পত এই বোমা বৰ্ষণৰ ঘটনা সংঘটিত হয়। বোমা বৰ্ষণৰ আঁৰত ম্যানমাৰৰ CNAৰ সশস্ত্র সংগঠন।
এই বিস্ফোৰণত ৩জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উচ্চ ক্ষমতাসম্পন্ন বিস্ফোৰণে আহত কৰিছে মিজোৰামৰ কেইবাজনো লোকক। বুধবাৰে দিনৰ প্ৰায় ৩.৩০ বজাত সংঘটিত হৈছে এই ঘটনা।
স্থানীয় লোকে জানিব দিয়ে যে বিস্ফোৰণৰ শব্দ ইমানেই উচ্চ আছিল যে তেওঁলোকৰ ঘৰবোৰ কম্পন হৈছিল। উল্লেখ্য যে, এই সময়ত কেইবাটাও বোমা বৰ্ষণ কৰা হৈছিল।
আৰু পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us