ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ দিন দেশৰ নিৰ্বাচন আয়োগে এতিয়াও ঘোষণা কৰা নাই। নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও ৰাজ্যখনত নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত তুলিছে ৰাজনৈতিক দলবোৰে।
শাসনাধিস্ত মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফে ৰাজ্যখনৰ ৪০ টা বিধানসভা সমষ্টিৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা এম এন এফৰ নেতা ঝ'ৰামথাংগাই এইবাৰ নিৰ্বাচনত আইজল ইষ্ট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।
দলটোৱে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত ১৫ জন নতুন মুখৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। এম এন এফৰ হৈ বিধানসভাত ২০২৩ ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত মাত্ৰ ২ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব। মিজোৰামৰ উপ-মুখ্যমন্ত্ৰী তাৱান লুইয়াই তুইছাং সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব।
ইফালে বৰ্তমানৰ ৰাজ্যখনৰ গৃহমন্ত্ৰী লাল চাম লিনা আৰু মিজোৰাম বিধানসভাৰ অধ্যক্ষ লালৰিন লিয়ানা চাইলোৱে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। ইফালে পৰ্যটনমন্ত্ৰী ৰবাৰ্ট ৰুমায়াৰ বিধানসভাৰ সমষ্টি সলনি কৰা হৈছে।
ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে এম এন এফে। নিৰ্বাচনৰ এই বৈতৰণীৰ মাজতে এম এন এফৰ আন এজন নেতা তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ড০ কে বৈশ্যাহোৱাক দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰিছে এম এন এফৰ নেতৃত্বই।
তেওঁ অৱশ্যে এইবাৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এম এন এফৰ লাল জিৰি লিনাক ২০১৮ চনৰ নিৰ্বাচত তাৱী বিধানসভাৰ সমষ্টিৰ পৰা জয়ী হৈছিল যদিও এইবাৰ তেওঁক আইজল নৰ্থৰ পৰা প্ৰাৰ্থীত্ব দিয়া হৈছে।
Aizawl South 1 MNF block conference 2023 September 28th at Bethlehem Vengthlang Aizawl. pic.twitter.com/QhPAA4H8Zv
— K. Vanlalvena MP(Rajya Sabha) (@VanlalvenaK) September 28, 2023
Also Read: গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান বাতিল...