গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান বাতিল...

গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান বাতিল...

author-image
Asomiya Pratidin
New Update
ঘৰ এৰি বাহিৰলৈ নাহিব আজিঃ গুৱাহাটীৰ চৌদিশে পানী...

গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰীক্ষা, পাঠদান বাতিল...

ডিজিটেল ডেস্কঃ ভয়াৱহ কৃত্ৰিম বানৰ কৱলত পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। বাতিল কৰা হৈছে আজি বিদ্যালয়ৰ পাঠদানৰ লগতে ছেণ্টমেৰিজকে ধৰি বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈ থকা পৰীক্ষাসমূহ।

উল্লেখ্য যে, মুষলধাৰ বৰষুণৰ বাবে সমগ্ৰ গুৱাহটী এতিয়া পানীৰ তলত। অনিল নগৰৰ ঠায়ে ঠায়ে এবুকু পৰ্যন্ত উঠিছে পানী। এনে ঠায়ত এছ ডি আৰ এফে চলাইছে উদ্ধাৰ অভিযান।

ইয়াৰোপৰি নবীন নগৰ, জুৰোড, চানমাৰি, ৰাজগড়, ভি আই পি, বৰবাৰী, হাতীগাওঁ, শৰনীয়া, ৰাধাগোবিন্দ বৰুৱা পথ, উলুবাৰীৰ কাষৰীয়া অঞ্চলসমূহ এতিয়া পানীৰ তলত। এনে পৰিস্থিতিত বিদ্যালয়লৈ শিক্ষাৰ্থীসকল অহাটো অসম্ভৱ কথা।

বহু বিদ্যালয়ো আছে পানীৰ তলত। সেয়েহে আজিৰ পাঠদানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত চলি থকা পৰীক্ষা বাতিল কৰা হৈছে।

Also Read: ঘৰ এৰি বাহিৰলৈ নাহিব আজিঃ গুৱাহাটীৰ চৌদিশে পানী...

বানপানী