প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন

ডিজিটেল ডেস্কঃ সমাপ্ত হ'ল মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে সন্ধিয়া ৪ বজাত প্ৰচাৰ অভিযান সমাপ্ত হয় আৰু প্ৰায় এমাহ ধৰি চলি থকা প্ৰচাৰ অভিযানত কোনো অনৈতিক কাৰ্যকালাপ সংঘটিত হোৱা নাই বুলি জনাই অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া এল লিয়াঞ্জেলাই। তেওঁ লগতে কয় যে, ইয়াৰ পাছত আৰু কোনো দলে প্ৰচাৰ, জনসভা, সংবাদ সন্মিলন আদি অনুষ্ঠিত কৰিব নোৱাৰিব।

৭ নৱেম্বৰত ৰাজ্যখনত ৪০ জনীয়া বিধানসভাৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যখনৰ ১,২৭৬ টা ভোটকেন্দ্ৰৰ ভিতৰত ১৪৯ টা দূৰৱৰ্তী ভোটকেন্দ্ৰ আছে। আনহাতে সীমান্তত প্ৰায় ৩০ টা ভোটকেন্দ্ৰ আছে। ইয়াক সংবেদনশীল বুলি ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে। সীমান্তত ইতিমধ্যে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

আনহাতে কালিৰ দিনটোতেই চট্টীশড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব।  ৯০ খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব। ইয়াৰোপৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১৭ নৱেম্বৰত ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব।

চট্টীশগড়ৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সময়সূচীও মুকলি কৰা হৈছে। এই অনুসৰি পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ ১০ খন বিধানসভা আসনত আৰু বাকী ১০ খন আসনত পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, চট্টীশগড়ৰ এই ২০ টা এলেকাত নক্সালবাদীৰ প্ৰভাৱ বেছি। নক্সালবাদীসকলে নিৰ্বাচন বৰ্জন কৰে আৰু কেতিয়াবা হিংসাত্মক কাৰ্যকালাপো সংঘটিত কৰে। যাৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাতো প্ৰত্যাহ্বান হৈ পৰে।

প্ৰচাৰ অভিযান সমাপ্তঃ কাইলৈ অনুষ্ঠিত হ'ব মিজোৰাম আৰু চট্টীশগড়ৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন
মণিপুৰত পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in