
ডিজিটেল ডেস্কঃ মণিপুৰ চৰকাৰে পুনৰ বৃদ্ধি কৰিলে মোবাইল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা। নতুন জাননী অনুসৰি ৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে এই সময়সীমা। দেওবাৰে এই কথা জনাই বিভাগীয় কৰ্তৃপক্ষই ।
বুধবাৰে মণিপুৰ ৰাইফলছৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ উদ্দেশ্যৰে একাংশই নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰিছিল। যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে বতাহত গুলী চালনা কৰিছিল। এই ঘটনাৰ পাছতে ৰাজ্যখনত ইন্টাৰনেটত নিষেধাজ্ঞা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মণিপুৰৰ গৃহ মন্ত্ৰালয়াৰ পৰা জাৰি কৰা এক জাননীত কোৱা হয় যে, "অসামাজিক উপাদানসমূহে জনসাধাৰণৰ আৱেগে কষ্ট পোৱা, ঘৃণামূলক ভাষণ আৰু ভিডিঅ' বাৰ্তা প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যমত ব্যাপক ভাৱে ব্যৱহাৰ কৰিব পাৰে। যাৰ ফলত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে''।
উল্লেখ্য যে, ৩ মে',২০২৩ ৰ পৰা ৰাজ্যখনত অব্যাহত আছে গোষ্ঠীগত সংঘৰ্ষ। এই সংঘৰ্ষৰ মাজতে বন্ধ কৰি দিয়া হৈছিল মোবাইল ইন্টাৰনেট সেৱা। মাজতে এই সেৱা মুকলি কৰিছিল যদিও বহু আপত্তিজনক ফটো,ভিজিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।যাৰ বাবে পুনৰ সৃষ্টি হৈছিল মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ।