মিজোৰামত কংগ্ৰেছে 'অনামিজো'ক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ বিতৰ্ক...

মিজোৰামত কংগ্ৰেছে 'অনামিজো'ক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ বিতৰ্ক...
মিজোৰামত কংগ্ৰেছে 'অনামিজো'ক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ বিতৰ্ক...

ডিজিটেল ডেস্কঃ মিজোৰাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে এগৰাকী অনা মিজো ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ মিজোৰামত আৰম্ভ হৈছে বিতৰ্ক। মিজো ছাত্ৰ সংগঠনে কংগ্ৰেছৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে অসন্তুষ্টি প্ৰকাশ কৰিছে।

মিজো ষ্টুডেণ্টছ এছ’চিয়েশ্যনে এই সন্দৰ্ভত নিজৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে জৰুৰীকালীনভাৱে বৈঠক আহ্বান কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে যি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে সেই তালিকা অনুসৰি লুংলেই দক্ষিণ সমষ্টিত মৰিয়ম এল হৰংচলক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

এই মৰিয়ম এল হৰংচলক দীপেন জোলিয়ানাৰ পত্নী আৰু তেওঁৰ দেউতাক নীৰজ সিং যি এগৰাকী অনামিজো ব্যক্তি। আনহাতে তেওঁৰ মাতৃ হৈছে গোৰ্খালি ৰাজবংশৰ কাভালমিংগলিয়ানি।

এই সন্দৰ্ভত এম জেড পিয়ে কৈছে, মিজো আইন অনুসৰি এগৰাকী মিজো মহিলা যি বিদেশী বা অনামিজো ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় তেওঁক বিদেশী বুলি গণ্য কৰা হয়। উল্লেখ্য, ৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচন ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব। আৰু ইয়াৰ ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

এই পৰ্যন্ত ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে মুঠ ১১৭ জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে বুলি নিৰ্বাচনী বিষয়াসকলে জনাইছে। আনহাতে শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জ’ৰামথাঙ্গাই।

মিজোৰামত কংগ্ৰেছে 'অনামিজো'ক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ বিতৰ্ক...
দুৰ্গাৰ পূজাৰ সময়ত কামাখ্যালৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in