দুৰ্গাৰ পূজাৰ সময়ত কামাখ্যালৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ...

দুৰ্গাৰ পূজাৰ সময়ত কামাখ্যালৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ...
দুৰ্গাৰ পূজাৰ সময়ত কামাখ্যালৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ...

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে মা কামাখ্যা দেৱালয়তো পৰম্পৰা অনুসৰিয়েই উদযাপন কৰা হৈছে দেৱী দুৰ্গাৰ পূজা। কামাখ্যা দেৱালয়ত ৮ অক্টোবৰৰ পৰা পষেক জোৰা কাৰ্যাসূচীৰে আৰম্ভ হোৱা দুৰ্গা পূজাৰ উপলক্ষে দৈনন্দিন কাৰ্যসূচীত বিভিন্ন সালসলনি কৰা হৈছে।

ইয়াৰ উপৰিও দুৰ্গা পূজা কেইদিনত মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰো কিছু সালসলনি কৰা হৈছে। সেই অনুসৰি ২০ অক্টোবৰৰ ষষ্ঠী পূজাৰ দিনা পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব। দুপৰীয়া ভোগ নিবেদন কৰি আবেলি যাত্ৰীৰ আৰক্ষনস্থলীত বন্ধ কৰা হ'ব।

২১ অক্টোবৰত সপ্তমী পূজাৰ দিনা পুৱা মন্দিৰৰ দুৱাৰ ৯-৩০ বজাত খুলিব। আবেলি ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ'ব।

২২ অক্টোবৰৰ অষ্টমী পূজাৰ দিনা পুৱা ১০-৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব। আবেলি ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ'ব।

২৩ অক্টোবৰত নৱমী পূজাৰ দিনা মন্দিৰৰ দুৱাৰ ১১ বজাত খোলা হ'ব। আবেলি পুনৰ ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ'ব।

২৪ অক্টোবৰৰ দশমী পূজাৰ দিনা পুৱা ৮-৩০ বজাত খুলিব মন্দিৰৰ দুৱাৰ। দুপৰীয়া ১ বজাত ভোগ নিবেদন কৰা হ'ব। আবেলি যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ'ব।

দুৰ্গাৰ পূজাৰ সময়ত কামাখ্যালৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ...
আদানিৰ বিৰুদ্ধে সংসদত প্ৰশ্ন কৰি বিপদত মহুৱা মৈত্ৰঃ দিল্লী উচ্চ ন্যায়ালয়ত শুনানি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in