মণিপুৰত উগ্ৰপন্থী গ্ৰেপ্তাৰ

মণিপুৰত উগ্ৰপন্থী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান চলাই এজন কে ৱাই কে এলৰ উগ্ৰপন্থীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে। ইম্ফলৰ পশ্চিম জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে উগ্ৰপন্থীজনক। ধৃত উগ্ৰপন্থী জনৰ নাম আৰকে জিতেন ছানা ওৰফে নানাও। তেওঁৰ ঘৰ এমপিটিচি গেটৰ সমীপৰ পাংগেই লেইৰাম মাপানত।

উগ্ৰপন্থী জনৰ পৰা মেগজিন ভৰ্তি ১১ ৰাউণ্ড গুলি সহ এটা নাইন এম এম পিস্তল, দুটা মোবাইল ফোন, আধাৰ কাৰ্ড সহ কিছু নগদ ধন জব্দ কৰা হৈছে। মণিপুৰ আৰক্ষীয়ে সদৰি কৰা মতে, ধৃত উগ্ৰপন্থীজন কে ৱাই কে এল সংগঠনৰ সক্ৰিয় সদস্য। যোৱা ১৬ ফেব্ৰুৱাৰীৰ নিশা চেকমাইত ট্ৰাক চালকক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। আনহাতে, জব্দ কৰা পিস্তলটো নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা বুলি সন্দেহ আৰক্ষীৰ। অধিক তথ্য উদ্ঘাটনৰ বাবে বৰ্তমান উগ্ৰপন্থী জনক জেৰা অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে।

মণিপুৰত উগ্ৰপন্থী গ্ৰেপ্তাৰ
শুৱনি কোঠাত সোমাল ডাম্পাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in