/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3abf4a47-5af4-4d5c-8122-54671b5666e8/MANIPUR__14.jpg)
মণিপুৰত পৃথক পৃথক অভিযানত অবৈধ মাৰণাস্ত্ৰসহ উগ্ৰপন্থী আটক...
ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। শনিবাৰে মণিপুৰৰ পূৱ ইম্ফল,পশ্চিম ইম্ফল, চুৰাচান্দপুৰ, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন সংখ্যক মাৰণাস্ত্ৰ।
অভিযান কালত পূব ইম্ফল জিলাৰ পৰা ২টা SLR,কাকচিং জিলাৰ পৰা ৩টা পইন্ট থ্ৰি জিৰো থ্ৰি ৰাইফল আৰু স্হানীয় ভাবে তৈয়াৰ কৰা ২টা পাইপ ব'ম্ব উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/206f50fd-ce6c-4d33-8677-7173e79c4db0/2fe978fa_5f1f_436f_9a6d_3f40705aafbc.jpg)
ইফালে, পশ্চিম ইম্ফল জিলাৰ আৰক্ষীয়ে অভিযান চলাই শনিবাৰে KYKL উগ্ৰপন্থী সংগঠনৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উগ্ৰপন্থী জনৰ পৰা ১ টা নাইন এম এম পিস্তল, ৭ টা সক্ৰিয় গুলিসহ এটা মেগাজিন, এটা মোবাইল ফোন আৰু নগদ ৬০ হাজাৰ টকা জব্দ কৰা হয়।
ধৃত উগ্ৰপন্থী জনে বিভিন্ন জনক ধন দাবী কৰা ঘটনাত জড়িত আছিল বুলি মনিপুৰ আৰক্ষীয়ে দাবী কৰিছে। জব্দ কৰা ধনখিনিও কোনো লোকৰ পৰা দাবী কৰি আদায় কৰা বুলি সদৰী কৰে আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/45e7dc87-ffab-4811-be06-72a3dd31a9f5/99a98b99_6760_4f9a_9574_9adcc4a0dc65.jpg)
Also Read: "ছোৱালীৰ শিক্ষাই, ছোৱালীৰ সুৰক্ষা"ক বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা দিৱস আৰম্ভ...