/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f38b0ca1-f1fa-43e6-9ace-0b4372bd1cc1/morigaon_14.jpg)
"ছোৱালীৰ শিক্ষাই, ছোৱালীৰ সুৰক্ষা"ক বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা দিৱস আৰম্ভ...
ডিজিটেল সংবাদ মায়ংঃ "ছোৱালীৰ শিক্ষাই ছোৱালীৰ সুৰক্ষা"ক মূল বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা প্ৰশাসনে ব্যাপক উৎসাহ উদ্দীপনাৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৩৫ সংখ্যক মৰিগাঁও জিলা দিৱস। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে।
বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ বৰাই। অনুষ্ঠানত ললিতা দেৱী ৰচিত মৰিগাঁও জিলা দিৱসৰ শীৰ্ষ গীতটি বিশিষ্ট শিল্পী ভদ্ৰেশ্বৰ ডেকাৰ পৰিচালনাত সমবেত কণ্ঠত পৰিৱেশন কৰা হয়।
ইয়াৰ পিছতেই মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা এটা বাৰেবৰণীয়া শোভাযাত্ৰা উলিওৱা হয়। বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভাৰম্ভ কৰা এই শোভাযাত্ৰাত মৰিগাঁও জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a7957170-776e-4fcb-abba-f4396afe6218/bbb217ae_f2c7_4321_aa25_8bfb68a03710.jpg)
মৰিগাঁও নগৰ হৈ পুনৰ বিদ্যালয় খেলপথাৰত এই শোভাযাত্ৰাৰ অন্ত পৰে। ইয়াৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই মুকলি সভাত দিয়া আদৰণি ভাষণত জিলা দিৱস উদযাপনে জিলাখনৰ বিভিন্ন ভাষা-ভাষী আৰু জাতি-জনগোষ্ঠীৰ লোকৰ মাজত প্ৰেম, একতা আৰু ভাতৃত্ববোধ আৰু অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে।
মুকলি সভাত মৰিগাঁও জিলা আৰু ৰাজ্যৰ অন্যান্য ঠাইৰ কেইবাগৰাকীও স্বনামধন্য মহিলা আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা বহুকেইগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেত্ৰী মলয়া গোস্বামীয়ে কয় যে, এগৰাকী কন্যা আগবাঢ়ি যোৱাৰ মূলমন্ত্ৰই হ'ল শিক্ষা আৰু সংস্কাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d7a2dc6c-4883-4205-9a91-d03c35236060/1a290709_e9f0_4caf_ae9a_341380463ba3.jpg)
অনুষ্ঠানত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, দেশ এখন প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ নাৰী শিক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ অস্ত্ৰ। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই কয় যে, যিখন দেশত কন্যা সুৰক্ষিত নহয় সেইখন দেশ কেতিয়াও বিকাশৰ সোণোৱালী বাটেৰে আগবাঢ়িব নোৱাৰে। অনুষ্ঠানত বিশিষ্ট সমাজসেৱক অতনু শৰ্মাই মৰিগাঁও জিলা দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে।
আজিৰ অনুষ্ঠানত গ্ৰীণ অস্কাৰ বঁটাপ্ৰাপক বিশিষ্ট পৰিৱেশবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অনুষ্ঠানত মৰিগাঁও জিলাৰ অসম অসামৰিক সেৱা বিষয়া ধৰিত্ৰী কাকতি এম্ফি, ৰেডিঅ' জকি প্ৰনামিকা ভূঞা, মৰিগাঁও নগৰৰ স্বাৱলম্বী মহিলা দীপিকা শইকীয়া, ৱাহিদা ৰহমান আৰু যোগাভ্যাসেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা ৮ বছৰীয়া জাহ্নৱী গোস্বামীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক মৰিগাঁৱৰ ড০ স্বপ্নালী দাস আৰু অধ্যাপিকা ড০ মাইনু দেৱীয়েও ভাষণ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/86bb121c-f87c-46fe-861d-67af1cf536e8/089bbc65_cc8f_4f53_81bd_5d6b8f7328b4.jpg)
সভাত শিল্পী ৰিচা ভৰদ্বাজ আৰু জিলা আয়ুক্তগৰাকী গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য পৱন মান্তা, পৌৰপতি যোগেশ তামুলী, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰ, জ্যেষ্ঠ সাংবাদিক অজিৎ শৰ্মা আৰু ডালিম ফুকন, সমাজকৰ্মী প্ৰবীণ মেধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
মৰিগাঁও সদৰৰ সমান্তৰালভাৱে পঞ্চায়ত আৰু ব্লক পৰ্যায়তো আজি ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিটো ৰাজহ চক্ৰত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জিলা দিৱস উপলক্ষে জাগীৰোডৰ সীতাজখলাৰ ৰৌমাৰী খেলপথাৰত প্ৰথিতযশা শিল্পী জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান আৰু মৰিগাঁও স্কুল খেলপথাৰত বিশিষ্ট শিল্পী মনোজ কাশ্যপ আৰু স্থানীয় শিল্পীৰ সংগীত সন্ধিয়া অনুষ্ঠিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/dd56cd72-121e-40d6-9f7a-27385381607d/019cd76f_8807_498d_85e9_d3560e55648f.jpg)
দেওবাৰে মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৯ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১ বজাত চাৰণ বিলত মহিলাৰ বাবে বিশেষ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
সন্ধিয়া ৬ বজাৰ পৰা মৰিগাঁও স্কুল খেলপথাৰতে যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি ন পুৰণি শিল্পীৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা দিৱস উপলক্ষে ১৪ আৰু ১৫ অক্টোবৰ দুয়োটা দিনতেই মৰিগাঁও স্কুল খেলপথাৰত জনজাতীয় খাদ্য মেলা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b36b8d47-8aab-4c3c-b79e-e08f90df3d86/6d20e2af_3f64_46b0_bff5_307e020432fc.jpg)
Also Read: দৌলাশালত বিৰিণা গোষ্ঠীৰ সাহিত্য আলাপত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ...