মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে,এয়া জীৱনশৈলীঃ ৰাজ্যিক বিজেপি প্ৰধান

গো হত্যা বিৰোধী অভিযানত প্ৰায়েই সক্ৰিয় ৰূপত দেখা যায় বিজেপিক। গো হত্যা বা গো মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰতো বিভিন্ন ৰাজ্যত বহু নিৰ্দেশনা বান্ধি দিয়ে চৰকাৰে।
মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে,এয়া জীৱনশৈলীঃ ৰাজ্যিক বিজেপি প্ৰধান

ডিজিটেল ডেস্ক: গো হত্যা বিৰোধী অভিযানত প্ৰায়েই সক্ৰিয় ৰূপত দেখা যায় বিজেপিক। গো হত্যা বা গো মাংস বিক্ৰী কৰাৰ ক্ষেত্ৰতো বিভিন্ন ৰাজ্যত বহু নিৰ্দেশনা বান্ধি দিয়ে চৰকাৰে। ইয়াৰ মাজতে এগৰাকী বিজেপি নেতাই কৰিছে ব্যতিক্ৰমী মন্তব্য।

মেঘালয়ৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাজ্যিক অধ্যক্ষ আৰ্নেষ্ট মাৱৰীয়ে কয় যে "গোমাংস খোৱাৰ ওপৰত কোনো বাধা নাই"। তেওঁৱো গো মাংস খাই বুলি জনায়।

সংবাদ সংস্থা এ এ আইৰ আগত তেওঁ কয় যে, "মই আন ৰাজ্য সমূহে গৃহীত কৰা প্ৰস্তাৱৰ ওপৰত বিবৃতি দিব নোৱাৰো। মই মেঘালয়ত থাকো, ইয়াত সকলোৱে গোমাংস খায়। আৰু এই ক্ষেত্ৰত কোনো বাধা নাই''।

তেওঁ লগতে কয় যে, হয়, মইও গো মাংস খাওঁ। মেঘালয়ত কোনো নিষেধাজ্ঞা নাই। এয়া হৈছে মানুহৰ জীৱনশৈলী। কোনোৱে এই ক্ষেত্ৰত বাধা দিব নোৱাৰে। ভাৰততো তেনে কোনো নিয়ম নাই। কিছুমান ৰাজ্যই কিছুমান আইন আনিছে। মেঘালয়ত কসাইখানা আছে য'ৰ পৰা সকলোৱে গৰু বা গাহৰি মাংস লয়।

বিজেপি খ্ৰীষ্টান বিৰোধী দল বুলি বহু ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত তেওঁ কয় যে এয়া কেৱল নিৰ্বাচনী প্ৰচাৰ। প্ৰায় ৯ বছৰ ধৰি এন ডি এৰ লগত জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে আজিলৈকে মেঘালয়ত গীৰ্জা আক্ৰমণ হোৱা দেখা নাই। মেঘালয় এক খ্ৰীষ্টান অধ্যুষিত ৰাজ্য য'ত সকলোৱে গীৰ্জালৈ যায়।"

তেওঁ লগতে কয় যে এইবাৰ মেঘালয়ত বিজেপিৰে চৰকাৰ হব। কিয়নো পৰিৱৰ্তন লাগে। আৰু মেজিক নম্বৰৰ সহায়ত বিজেপিয়ে মেঘালয়ত আধিপত্য বিস্তাৰ কৰিব।

মই গো মাংস খাওঁ, কোনোৱে বাধা দিব নোাৱাৰে,এয়া জীৱনশৈলীঃ ৰাজ্যিক বিজেপি প্ৰধান
কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in