কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...

কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...
কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে। কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীৰ বিৰুদ্ধে অসমৰ মুঠ ১৫ খন জিলাত ৰুজু হৈ আছিল ১৫ টা গোচৰ। ইয়াৰ ভিতৰত হাফলং আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ নেতাজনক।

উল্লেখ্য যে, এ আই চি চিৰ সংবাদ কোষৰ অধ্যক্ষ পৱন খেড়া আজি দিল্লীৰ পৰা ৰায়পুৰত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ অধিৱেশনলৈ যোৱাৰ পূৰ্বেই তেওঁক বিমান বন্দৰত অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে। ফলত তেওঁৰ সৈতে থকা কংগ্ৰেছৰ আন আন নেতাসকলে বিমান বন্দৰতে প্ৰতিবাদ সাব্যস্ত কৰে। বিমান বন্দৰত পৱন খেড়াক গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ সৈতে আছিল কংগ্ৰেছ নেতাকনদ্বীপ সূৰ্যাৱালা, সুপ্ৰীয়া শ্ৰীনেট, জ্যেষ্ঠ নেতা কে চি বেণুগোপালা আদি।

বিমান বন্দৰত প্ৰতিবাদত লিপ্ত হোৱা কংগ্ৰেছ নেতাসকলে দাবী কৰিছে, পৱন খেড়াক ইণ্ডিদো বিমান পৰা নমাই দিয়া হৈছে। ইফালে পৱম খেড়াক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত অসম আৰক্ষীৰ আই জি পি এল এণ্ড অ' প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, আমি দিল্লী আৰক্ষীক পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো। স্থানীয় আদালতৰ অনুমতি পোৱাৰ পিছতে তেওঁক অসমলৈ নিয়া হ'ব।

আনহাতে পৱন খেড়াক গ্ৰেপ্তাৰ কৰাৰ লগে লগে কংগ্ৰেছে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কংগ্ৰেছে অভিযোগ কৰি কৈছে যে, ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ অধিৱেশনক বিজেপিয়ে লক্ষ্য কৰি লৈছে। এই সন্মিলন বন্ধ কৰিবলৈ বিজেপিয়ে অপচেষ্টা চলোৱাৰো অভিযোগ কংগ্ৰেছৰ।

মন কৰিবলগীয়া যে পৱন খেড়াই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। যাৰ বাবে তেওঁৰ বিৰুদ্ধে অসমৰ মুঠ ১৫ খন জিলাৰ ১৫ খন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে হাফলং আৰক্ষী থানাত ১২০ (বি), ১৫৩ (এ), ১৫৩ (বি) (১), ৫০০ ধাৰাৰ লগতে অতিৰিক্ত সংযোজিত ধাৰা ৫০৪, ৫০৫ (১), ৫০৫ (২) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

কংগ্ৰেছ নেতা পৱন খেড়াক দিল্লীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰঃ চাওঁক সেই ভিডিঅ'...
ছয়মাইলত উৰণীয়া সেতুৰ ওপৰত কাঠৰ দলং কিয়?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in