৪৫% পুৰুষ আৰু ১৭% মহিলাৰ ক্ষেত্ৰত কৰ্কট ৰোগৰ প্ৰধান কাৰণ -ধঁপাত

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৮০ শতাংশ কৰ্কট ৰোগী দুখজনকভাৱে শেষ অৱস্থাতহে চিকিৎসাৰ বাবে আগবাঢ়ি আহে
৪৫% পুৰুষ আৰু ১৭% মহিলাৰ ক্ষেত্ৰত  কৰ্কট ৰোগৰ প্ৰধান কাৰণ -ধঁপাত

ডিজিটেল সংবাদ,বেবেজীয়া: অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৮০ শতাংশ কৰ্কট ৰোগী দুখজনকভাৱে শেষ অৱস্থাতহে চিকিৎসাৰ বাবে আগবাঢ়ি আহে- এই মন্তব্য “ড০ বি. বৰুৱা কেন্সাৰ চিকিৎসালয়”ৰ কৰ্কট ৰোগ প্ৰতিৰোধ বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী শ্ৰাৱনা মিশ্ৰ ভাগৱতীয়ে। ড০ ভাগৱতীয়ে তেখেতৰ বক্তৃতাত উল্লেখ কৰে যে উদ্বেগজনক ভাৱে প্ৰায় ৪০% পুৰুষ আৰু মহিলা কৰ্কট ৰোগৰ বলি হৈ আছে । নগৰীকৰণৰ ফলস্বৰূপে মহিলাৰ মাজত স্তন কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে।

তেওঁ লগতে উল্লেখ কৰে যে ধঁপাত হৈছে কৰ্কট ৰোগৰ ঘাটক আৰু ৪৫% পুৰুষৰ ক্ষেত্ৰত আৰু মহিলাৰ ক্ষেত্ৰত ১৭ % যিকোনো কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈছে - ধঁপাত। তেওঁ লগতে উল্লেখ কৰে যে মুখত হোৱা ৮০ শতাংশ কৰ্কট ৰোগৰ প্ৰধান কাৰণ হৈছে- ধঁপাতৰ ব্যৱহাৰ।

নগাঁও কলেজ (অট’নমাচ) ৰ এন. এছ. এছ গোট, প্ৰাণীবিজ্ঞান বিভাগ আৰু পৰীক্ষাগাৰ কৌশল বিভাগৰ যৌথ উদ্যোগত আৰু ড০ বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ সহযোগত সোমবাৰে এক দিনজোৰা সজাগতা শিবিৰ অনুষ্ঠিত হয়। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰে এই অনুষ্ঠান। লগতে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত বি. বৰুৱা কৰ্কট প্ৰতিৰোধ বিভাগৰ মুৰব্বী ড০ শ্ৰাৱনা মিশ্ৰ ভাগৱতী, ধঁপাত মুক্ত সেৱা বিভাগৰ কাউন্সিলৰ দৰ্শনা বৰুৱা, সংগীত চিকিৎসক ( Music therapist)ডিম্পী গোস্বামী শৰ্মা আৰু গৱেষক সহায়ক সঞ্জয় দাসকে প্ৰমুখ্য কৰি এটি ছজনীয়া দলে সজাগতা শিবিৰত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ লগত বিভিন্ন কাৰ্যসূচী আৰু সৌহাদ্যপূৰ্ণ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই শিবিৰতে সংগীত চিকিৎসক ডিম্পী গোস্বামী শৰ্মাই ধ্যান আৰু সংগীতৰ যোগেদি কেনেকৈ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাই মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে সেই সম্পৰ্কে অৱগত কৰে।

এই অনুষ্ঠানত অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড০ ললিত মোহন গোস্বামীয়ে শেষত শলাগৰ শৰাই প্ৰদান কৰে।

আৰু পঢ়ক: লামডিঙত অগ্নিকাণ্ডৰ ঘটনা, দাউ দাউ কৈ জ্বলি উঠিল টাটা মোবাইল গাড়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in