/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
অগ্ৰণী খবৰ
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৪জনকৈ বাংলাদেশী নাগৰিক। পশ্চিম গাৰো হিলছ আৰক্ষীয়ে ডলুগাঁৱৰ পৰা গ্রেপ্তাৰ কৰে বাংলাদেশী নাগৰিককেইজনক।
গ্রেপ্তাৰ হোৱা ৪ বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছিল। ধৃতদ্বয়ৰ পৰা আধাৰকাৰ্ড, পানকাৰ্ড, ম’বাইল ফোনৰ লগতে নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।
ইফালে আন এক অভিযানত ২ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। দুই সৰবৰাহকাৰীৰ পৰা ৭১২টা নিচাযুক্ত পায়িভন স্পাছ প্লাছ কেপচুল জব্দ কৰিছে বুলি জানিব পৰা গৈছে।