অন্ত পৰিল মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানঃ ফুলবাৰীত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ...

অন্ত পৰিল মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানঃ ফুলবাৰীত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ...
অন্ত পৰিল মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানঃ ফুলবাৰীত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ অন্ত পৰে। ৰাজ্যখনত থকা মুঠ ৬০ টা সমষ্টিৰ ভিতৰত ৫৯ টা সমষ্টিত অহা ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব।

নিৰ্বানৰ বাবে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছিল। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যখনৰ ৪৬ নং ফুলবাৰী সমষ্টিৰ সাধুপাৰাত বিজেপিৰ প্ৰাৰ্থী এডমুন কে চাংমাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী নিৰ্বাচনী প্ৰচাৰ চলায়।

নিৰ্বাচনী প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ফুলবাৰীৰ শ্যাম নগৰত দিনৰ ২ বজাত হেলিকপ্টাৰযোগে অৱতৰণ কৰি হেলিপেডৰ কাষত থকা বিজেপিৰ সমৰ্থকে ফুলেৰে সম্ভাষণ জনায়। ইয়াৰ পাচত তেওঁ দলীয় কৰ্মীৰ সৈতে শ্যাম নগৰৰ পৰা স্কুটি চলাই সভাস্থলীত উপস্থিত হয়।

দিনৰ প্ৰায় ২.৩০ বজাত তেওঁ সভাস্থলীত উপস্থিত হৈ ভাষণ প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকী হেলিকপ্টাৰৰ পৰা মেঘালয়ৰ ৰাস্তা প্ৰত্যক্ষ কৰাৰ বাবে স্কুটীৰে এইদৰে সভাস্থলীলৈ আহিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি ৰাজ্যখনৰ ৰাস্তাৰ অৱস্থা অতিকৈ শোচনীয় বুলি উল্লেখ কৰে।

বাংলা ভাষাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ দি বিজেপিৰ সমৰ্থকসকলক ৰাস্তা লাগে নেকি প্ৰশ্ন কৰি ভাল ৰাস্তাৰ নিৰ্মাণ কৰিবলৈ বিজেপিক ভোট দিব লাগিব বুলি মত প্ৰকাশ কৰে। অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী প্ৰচাৰত অসমৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ বাবে ২৪ সমষ্টিৰ বাবে প্ৰভাৰী হৈ উপস্থিত হোৱা কিশোৰ নাথ এই সভাখনত উপস্থিত আছিল।

মেঘালয়ত এখনো মেডিকেল কলেজ নাই বুলি কিশোৰ নাথৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিব পাৰি আচৰ্য প্ৰকাশ কৰা পৰিলক্ষিত হয়। মেডিকেল কলেজৰ প্ৰয়োজন আছে বুলি ভাবিলে বিজেপিক ভোট দিব লাগিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিনামূলীয়া সুলভ মূল্যৰ চাউল যোগান ধৰিছে বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছক ৰাজ্যখনৰ পৰা হটাও কৰি পদুম ফুলক ভোট দিবলৈ আহ্বান জনায়। মেঘালয়ত মই দেখা পালো তৃণমূল কংগ্ৰেছ আৰু এন পি পিৰ কৰ্মী সকল ঘুৰা-ফুৰা কৰি আছে।

পশ্চিম বঙ্গৰ তৃণমূল কংগ্ৰেছ অতিৰক্ত দূৰ্নীতিগ্ৰস্থ দল আৰু non performance party বুলি মন্তব্য কৰে। বিভিন্ন সুবিধা পাবলৈ কেৱল পদুম ফুলক ভোট দিব লাগিব বুলি স্মৃতি ইৰাণীয়ে মন্তব্য প্ৰদান কৰে।

ইয়াৰ পাচত তেওঁ বিয়লি প্ৰায় ৩.১০ বজাত ভাষণ সমাপ্ত কৰি সাংবাদিকৰ সৈতে মত বিনিময় কৰি হেলিকপ্টাৰেৰে গুৱাহাটীলৈ ৰওনা হয়।

অন্ত পৰিল মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ অভিযানঃ ফুলবাৰীত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ...
অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ কাঞ্চ ব্ৰেণ্ডত ধনছিং লেকথেৰ লুণ্ঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in