অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ কাঞ্চ ব্ৰেণ্ডত ধনছিং লেকথেৰ লুণ্ঠন...

অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ কাঞ্চ ব্ৰেণ্ডত ধনছিং লেকথেৰ লুণ্ঠন...
অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ কাঞ্চ ব্ৰেণ্ডত ধনছিং লেকথেৰ লুণ্ঠন...

ডিজিটেল সংবাদ হাওৰাঘাটঃ অসম চৰকাৰৰ অধীনস্থ অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধীনস্থ কাঞ্চ ব্ৰেণ্ডত এতিয়া তীব্ৰ লুণ্ঠনৰ অভিযোগ উঠিছে । বিগত প্ৰায় ১২ বছৰ প্ৰতিষ্ঠানটোৰ মেনেজিং ডাইৰেক্টৰ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ধনছিং লেকথেৰ নেতৃত্বত লাভজনক উদ্যোগটো এতিয়া ব্যক্তিগত লাভৰ উদ্যোগলৈ পৰিণত হোৱাৰ অভিযোগ উঠিছে ।

প্ৰতিষ্ঠানটোত অসম চৰকাৰে কেইবা কোটি টকা বিনিয়োগ কৰিছে যদিও প্ৰতিষ্ঠানটোৰ লাভ লোকচানৰ তথ্য আজিও ৰাজহুৱা নোহোৱাৰ অভিযোগ উঠিছে । কিছুদিন পূৰ্বে মাঞ্জাস্থিত কাঞ্চৰ ফেক্টৰিত চাৰিটা অত্যাধুনিক মেচিনো স্থাপন কৰা হৈছে ।

এই অত্যাধুনিক মেচিনৰ জৰিয়তে কাঞ্চৰ এটা অন্যতম উৎপাদন কাঞ্চ পানী বটলৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে বিভিন্ন ফলৰ শীতল পানীয় আৰু আচাৰ নিৰ্মাণৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাব বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ লাভ কৰা অভিযোগ অনুসৰি মাঞ্জাস্থিত কাঞ্চৰ ফেক্টৰিত শীতল পানীয় উৎপাদন হৈ আছে যদিও ইবোৰ বজাৰত উপলব্ধ হোৱা নাই ।

চৰকাৰৰ পৰা লাভ কৰা বৃহৎ অনুদান আৰু লাভৰ পৰা মাঞ্জাত এটা শ্বপিং ম'ল স্থাপন কৰা হৈছে যদিও এই ম'লটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় । ম'লটোত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী নথকাৰ বাবে গ্ৰাহকৰ বাবে এলাগি হৈ পৰিছে ।

ম'লটোত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যাও তেনেই নগণ্য হৈ পৰিছে দৰমহা আদায় দিব নোৱাৰাৰ বাবে । যাৰ ফলত বহু লাখ টকা বিনিয়োগ কৰি নিৰ্মাণ কৰা ম'লটো এতিয়া কেৱল নগণ্য সংখ্যক সামগ্ৰীৰে চলি আছে ।

আনহাতে কাঞ্চৰ পানী উদ্যোগটোৰ সকলোতকৈ অধিক চলা এক উৎপাদন যদিও বজাৰ অনুপাতে পানীৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই যদিও এই ৱাটাৰ প্লান্টত কাম কৰা কৰ্মচাৰীয়ে দৰমহা লাভ নকৰাৰ অভিযোগ উঠিছে ।

উদ্যোগটোৰ মাঞ্জাত উৎপাদিত ফলৰ ৰসসমূহো ব্যৱহাৰ অথবা বজাৰলৈ উলিয়াই নিদি পেলাই থোৱাৰ অভিযোগ উঠিছে। কাঞ্চৰ মেনেজিং ডাইৰেক্টৰ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা লেকথেৰ অৱহেলাৰ বাবে এই সামগ্ৰীসমূহ এইদৰে পৰি ৰোৱাৰো অভিযোগ উঠিছে ।

প্ৰতিষ্ঠানটোত আৰ চি মজুমদাৰ নামৰ এগৰাকী কৰ্মচাৰীয়ে ২০২২ চনত অৱসৰ লোৱাৰ পিছতো দুবছৰ তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ল । শইকীয়া উপাধিৰ এগৰাকী কৰ্মচাৰীকো এইদৰে অবৈধভাৱে ২০২২ চনত অৱসৰৰ পাছত কাৰ্যকাল বৃদ্ধি কৰাৰ অভিযোগ উঠিছে ।

অধিক সময় নিজৰ পত্নীৰ নামত এইগৰাকী কৰ্মচাৰীয়ে এল আই চি 'ৰ কামত ব্যস্ত থকাৰো অভিযোগ উঠিছে । প্ৰতিষ্ঠানটোক পৰিয়ালকেন্দ্ৰিক প্ৰতিষ্ঠানলৈ পৰিণত কৰি এমডি গৰাকীয়ে নিজৰ ভাতৃক প্ৰতিষ্ঠানটোৰ কমপ্লেক্স ইনচাৰ্জ ৰূপে নিযুক্তি দিয়াৰো অভিযোগ উঠিছে ।

এডিঅ' ৰূপে নিযুক্তি দিয়া তিছ'পী উপাধিৰ কৰ্মচাৰীগৰাকীও এডমি গৰাকীৰ সম্বন্ধীয় আৰু কোনো ইন্টাৰভিউ নোহোৱাকৈ নিযুক্তি দিয়াৰো অভিযোগ উঠিছে । এমডি গৰাকীয়ে খুলশালীয়েকগৰাকীকো প্ৰতিষ্ঠানটোত ষ্ট'ৰ কিপাৰৰূপে নিযুক্তি প্ৰদান কৰা হৈছে ।

ইয়াৰ লগতে ৰংফাৰ উপধিৰ আন এগৰাকী পৰিয়ালৰ লোকক প্ৰতিষ্ঠানটোত নিযুক্তি দিয়াৰ লগতে ইংতি উপাধিৰ ব্যক্তিগত গাড়ীচালকগৰীক প্ৰতিষ্ঠানটোৰ কেচিয়াৰ ৰূপে নিযুক্তি দিয়াৰো অভিযোগ উঠিছে । এইগৰাকী মেট্ৰিকো উত্তীৰ্ণ নোহোৱাৰ অভিযোগ আছে ।

অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধীনত মাঞ্জাত ৰবৰ আৰু চিত্ৰনলাৰ বাগান আছে যদিও এই বাগান আৰু ফাৰ্মৰ পৰা উৎপাদন আৰু লাভৰ কোনো তথ্য আজিলৈকে ৰাজহুৱা কৰা হোৱা নাই । একেদৰে প্ৰতিষ্ঠানটোৰ দেইথৰ অঞ্চলত এটা ৱাটাৰ ট্টিটমেন্ট প্লান্ট আছে যদিও ইয়াৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই ।

দেইথৰৰ পৰা উৎপাদিত পানী ডিফুলৈ আনি বজাৰলৈ মোকলাই দিয়াতো এটা লাভৰ বিপৰীতে লোকচানৰ ব্যৱসায়হে বুলিও অভিযোগ উঠিছে । প্ৰতিষ্ঠানটোৰ হাফলঙত থকা ৱাটাৰ ট্টিটমেন্ট প্লান্টটো অত্যাধুনিক মেচিন আৰু আন্ত:গাঁথনিৰে নিৰ্মিত যদিও পি পি পি মোডত প্লান্টটো পেডিং এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানক চাবলৈ দিয়া হৈছে আৰু ইয়াৰ বিনিময়ত এতিয়ালৈকে এপইচাও নহাৰ অভিযোগ উঠিছে।

প্ৰতিষ্ঠানটোৰ ডিফুস্থিত মূল প্ৰশাসনিক কমপ্লেক্সত থকা বি এছ এন এল টাৱাৰৰ পৰাও আজিলৈকে কোনো ধন আনিবলৈ সক্ষম হোৱা নাই বুলিও সূত্ৰটোৱে দাবী কৰিছে । একেদৰে প্ৰশাসনিক কমপ্লেক্সটোত থকা মূল প্ৰশাসনীয় ভৱনটো কাঞ্চ হোটেল এণ্ড ৰিজৰ্টলৈ পৰিণত কৰিলে কোনো চৰকাৰী অধিসূচনা অবিহনে ।

এগৰাকী এল ডি এ পৰ্যায়ৰ কৰ্মচাৰী হৈও নিগমৰ মেনেজিং ডাইৰেক্টৰৰ দৰে পদত কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হোৱা লেকথেৰ বিৰুদ্ধে পৰিয়াল তন্ত্ৰ আৰু প্ৰতিষ্ঠানটোৰ নিজৰ খেয়াল খুচি মতে চলোৱাৰ অভিযোগ ইতিমধ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা বুলিও এক নিশ্চিত সত্ৰই প্ৰকাশ কৰিছে । জিলা প্ৰশাসনে এই অভিযোগক কিদৰে গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব ।

একল অভিযান, আগৰৱাল সভা আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত শ্ৰীমদ্ভাগৱত কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in