/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/7dfd5593-bf64-4974-b6c5-06a4fab5d4ac/meghalaya_2.jpg)
মেঘালয়ৰ ওলমা চৰকাৰৰ অংশীদাৰ কোন কোন হ'ব...
ডিজিটেল ডেস্কঃ মেঘালয়ত এইবাৰ ওলমা চৰকাৰ। এক্সিট প'লে কোৱা কথাই যেন প্ৰমাণ হোৱাৰ দিশে। ৰাজ্যখনত এইবাৰ কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা লাভ কৰিব নোৱাৰে। সেয়েহে চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ'ব অন্যান্য দলেৰে মিত্ৰতা।
পুৱাৰে পৰা চলি থকা ভোটগণনা অনুসৰি এই পৰ্যন্ত কনৰাড চাংমাৰ এন পি পি সৰ্বাধিক ২০ খন আসনত আগবাঢ়ি আছে। এন পি পিৰ পিছতে আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ। দলটোৱে এই পৰ্যন্ত ১৬ খন আসনত অগ্ৰগতি লাভ কৰিছে।
উল্লেখ্য যে, মেঘালয় বিধানসভাত বিজেপি আছিল শাসনাধিস্ত চৰকাৰৰ মিত্ৰদল। বিগত বিধানসভাৰ নিৰ্বাচনত মাত্ৰ ২ খন আসনত বিজয়েৰে বিজেপি মেঘালয় চৰকাৰৰ অংশীদাৰ হৈছিল।
সেই বিজেপিয়েই এইবাৰ মেঘালয়ত একক ভাৱে প্ৰতিদ্বন্দিতা কৰি পূৰ্বৰ মিত্ৰ এন পি পিক কঠোৰ সমালোচনা কৰাৰ লগতে ক্ষমতা দখলৰ বাবে সকলো ধৰণৰ অংক কৰিছিল। অৱশ্যে তাৰ পাছতো দলটোৱে এই পৰ্যন্ত বিশেষ উন্নত প্ৰদৰ্শন আগবঢ়াব পৰা নাই। কিন্তু বিজেপিৰ যে মেঘালয়ত এইবাৰ পূৰ্বৰ তুলনাত আসন কিছু বৃদ্ধি পাব সেয়া নিশ্চিত।
এনে পৰিস্থিতি এন পি পিয়ে চৰকাৰ গঠনৰ বাবে পৰৱৰ্তী সময়ত কাৰ লগত মিত্ৰতা স্থাপন কৰে সেয়া হ'ব লক্ষণীয়। চৰকাৰ গঠনৰ বাবে এন পি পিয়ে কংগ্ৰেছ নে তৃণমূল কংগ্ৰেছৰ সহায় লয় সেয়াও হ'ব লক্ষণীয়।
ইফালে নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে কনৰাড চাংমাই নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাত কৰিছিল। গতিকে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতেহে মেঘালয় কাৰ হাতলৈ যায় সেই কথা স্পষ্ট হ'ব।
#WATCH | Meghalaya's incumbent Chief Minister Conrad Sangma, along with his mother Soradini K Sangma, brother James Sangma and sister Agatha K Sangma, visits the grave of his father & former CM, PA Sangma in Tura on the day of counting of votes. pic.twitter.com/YroEdv8nhJ
— ANI (@ANI) March 2, 2023
Also Read: Live Update: উত্তৰ পূবৰ ৩ ৰাজ্যৰ ফলাফল ঘোষণা, ত্ৰিপুৰাত বিজেপিৰ একক সংখ্যাগৰিষ্ঠতা আৰু...