২ MLA ৰে চৰকাৰৰ অংশীদাৰ হোৱা BJPয়ে প্ৰতিদ্বন্দিতা কৰিব মেঘালয় বিধানসভাৰ আটাইকেইখন আসনত...

২ MLA ৰে চৰকাৰৰ অংশীদাৰ হোৱা BJPয়ে প্ৰতিদ্বন্দিতা কৰিব মেঘালয় বিধানসভাৰ আটাইকেইখন আসনত...
২ MLA ৰে চৰকাৰৰ অংশীদাৰ হোৱা BJPয়ে প্ৰতিদ্বন্দিতা কৰিব মেঘালয় বিধানসভাৰ আটাইকেইখন আসনত...

ডিজিটেল ডেস্কঃ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। ২৭ ফেব্ৰুৱাৰীত মেঘালয়ৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন। ৬০ খন আসন বিশিষ্ট মেঘালয় বিধানসভাৰ এইবাৰাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে আটাইকেইখন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব।

ইতিমধ্যে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। ইয়াৰ লগে লগে ৰাষ্ট্ৰজুৰি ব্যাপক চৰ্চা। উল্লেখ্য যে, মেঘালয় বিধানসভা আছে এতিয়া এন ডি এৰ দখলত। নেচনেল পিপলছ পাৰ্টি চমুকৈ এন পি পিয়ে আন কেইবাটাও দলৰ সহযোগত মেঘালয়ত চৰকাৰ গঠন কৰি আছে।

এই এন পি পি আকৌ নেডাৰো অন্তৰ্গত। উল্লেখ্য যে, অসমত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কংগ্ৰেছ মুক্ত উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ্যৰে নেডা গঠন কৰিছিল।

মেঘালয় বিধানসভাত বিজেপি এন পি পিৰ মিত্ৰদল। এনে এক পৰিস্থিতিত এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসনতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, মেঘালয়ত ক্ষমতা দখল কৰাৰ ক্ষেত্ৰত কনৰাড চাংমাৰ এন পি পিয়ে নিজৰ ১৯ জন বিধায়কৰ উপৰিও ইউ ডি পিৰ ৬ জন, পি ডি এফৰ ৪ জন, এ এছ পি ডি পি আৰু নিৰ্দলীয়ৰ ২ জনকৈ বিধায়কৰ সমৰ্থন লৈছিল। এন পি পিৰ এই চৰকাৰলৈ সমৰ্থন জনাইছিল বিজেপিও।

চৰকাৰৰ অংশীদাৰ হৈছিল মেঘালয়ত বিজয় লাভ কৰা বিজেপিৰ ২ বিধায়কো। মাত্ৰ ২ জন বিধায়কৰ সৈতে মেঘালয় বিধানসভাত শাসকীয় পক্ষৰ অংশীদাৰ হোৱা বিজেপিয়ে এতিয়া ৬০ খন আসনতে প্ৰতিদ্বন্দিতা কৰি নিজাববীয়াকৈ চৰকাৰ গঠনৰ সপোন দেখিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ঋতুৰাজ সিনহাই আজি নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ৬০ জনীয়া তালিকা প্ৰকাশ কৰিছে। মেঘালয় নিৰ্বাচনত বিজেপিৰ শ্লোগান হ'ব শক্তিশালী মেঘালয় (Empower Meghalaya)।

ইফালে বিজেপিয়ে ৬০ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে, আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে প্ৰথমে মিত্ৰতা কৰি ভেঁটি সৱল কৰা বিজেপিয়ে পৰৱৰ্তী সময়ত সেই আঞ্চলিক দলক গিলি পেলোৱাৰ কৌশলেই মেঘালয়তো প্ৰয়োগ কৰিলে নেকি !

চাওক বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকাঃ

২ MLA ৰে চৰকাৰৰ অংশীদাৰ হোৱা BJPয়ে প্ৰতিদ্বন্দিতা কৰিব মেঘালয় বিধানসভাৰ আটাইকেইখন আসনত...
আদানীৰ ধন ঘটাৰ ফৰ্মুলা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in