আদানীৰ ধন ঘটাৰ ফৰ্মুলা...

আদানীৰ ধন ঘটাৰ ফৰ্মুলা...

মৃদুল কুমাৰ সন্দিকৈ

ৰজত শৰ্মাৰ সন্মুখত গৌতম আদানী। প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত সেইদিনা বিশ্বৰ তৃতীয় ধনী ব্যক্তিগৰাকীয়ে তেওঁৰ সফলতাৰ কিছু কাহিনী কৈছিল। আদানীক সুধা হৈছিল তেওঁ ধন ঘটাৰ ফৰ্মুলা কি?

সেই ফৰ্মুলা কিয় গোপনে ৰাখিছে তেওঁ? আদানীয়ে হাঁহি হাঁহি উত্তৰ দিছিল কঠোৰ পৰিশ্ৰম আৰু সু-পৰিকল্পনাৰে আজি এই প্ৰতিষ্ঠা তেওঁ লাভ কৰিছে। ২০২১ ৰ ডিচেম্বৰ। সেই দিনটোত আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৯ লাখ ৬২ হাজাৰ ৩২২ কোটি।

২০২২ ৰ ডিচেম্বৰ। এক অবিশ্বাস্য অংক। সেই দিনটোত আদানীৰ মুঠ সম্পত্তি হ'লগৈ ১৮ লাখ ৬৪ হাজাৰ ৫৭৯ কোটি। এটা বছৰতে ৯ লাখ কোটিৰো অধিক টকাৰ সম্পত্তি বৃদ্ধি হ'ল আদানীৰ।

এটা দিনত আদানীৰ উপাৰ্জন ১৬০০ কোটি। প্ৰতি ঘণ্টাত আদানীৰ উপাৰ্জন ৬৪ কোটিৰো অধিক। বিশ্বৰ উন্নত বহু দেশেও আদানীক সেই দেশত ব্যৱসায় বাণিজ্য কৰিবলৈ ৰাঙা দলিচা পাৰি মাতে।

নিৰ্মাণখণ্ডৰ পৰা আৰম্ভ কৰি সকলোতে আদানীৰ কোম্পানীৰ দপদপনি। এটা সাধাৰণ পৰিয়ালৰ ল'ৰা আছিল আদানী। দশম শ্ৰেণীলৈকে পঢ়ি গুছি গৈছিল মুম্বাইলৈ। পৰিয়ালৰ সূত্ৰে হীৰাৰ ব্যৱসায়ৰ সৈতে জড়িত আদানীয়ে আন ব্যৱসায়ত মনোনিবেশ কৰাৰ কথা চিন্তা কৰিছিল।

আদানী এণ্টাৰপ্ৰাইজ, আদানী গ্ৰীণ এনাৰ্জী, আদানী প'ৰ্টছ, আদানী পাৱাৰ, আদানী ট্ৰেঞ্চমিশ্যন, আদানী টোটেল গেছ, আদানী উইলমাৰ আদি কোম্পানীৰ মালিক তেওঁ। এতিয়া আদানী যেন দেশৰো সম্পত্তিৰ মালিক।

হিণ্ডেনবাৰ্গৰ এখন প্ৰতিবেদন। সেই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে আদানীৰ ভেটিত কঁপনি উঠে। এবছৰত ৯ লাখ কোটি টকা সম্পত্তি ঘটা আদানীয়ে এসপ্তাহৰ ভিতৰত ৮.৮ লাখ কোটি টকা হেৰুৱালে।

ধন যেনেকৈ ঘটিছিল তেনেকৈ ধন তেনেকৈয়ে হেৰুৱালে আদানীয়ে। আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ নামৰ গৱেষণা প্ৰতিষ্ঠানটোৰ যিবোৰ অভিযোগ আনিছিল তাৰো উত্তৰ আদানীয়ে দিব নোৱাৰিলে। আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ মূল্য ৩৫ শতাংশ হ্ৰাস পালে।

গৌতম আদানীয়ে আদানী কোম্পানীৰ শ্বেয়াৰ জালিয়াতি কৰা বুলি ২৪ জানুৱাৰীত এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। সেই প্ৰতিবেদনখনত ৮৮ টা গুৰুত্বপূৰ্ণ অভিযোগ আনিছিল হিণ্ডেনবাৰ্গে।

১০৬ পৃষ্ঠাৰ সেই প্ৰতিবেদনৰ উত্তৰ দিবলৈ আদানীক প্ৰয়োজন হ'ল ৪১৩ পৃষ্ঠাৰ। যি ৮৮ টা অভিযোগ উত্থাপন কৰিছিল তাৰ ৬২ টা প্ৰশ্নৰ উত্তৰত সন্তুষ্ট হোৱা নাই হিণ্ডেনবাৰ্গ।

হিণ্ডেনবাৰ্গৰ বিৰুদ্ধে আদানীৰ এটা পথ আছে। সেয়া হ'ল আমেৰিকাৰ আদালতত এই গৱেষণা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ তৰা। কিন্তু সেয়া কৰিবলৈ আদানীৰ সাহস নাই। আদানীয়ে ভালদৰে জানে ইয়াৰ পূৰ্বেও হিণ্ডেনবাৰ্গে যি কেইটা কোম্পানীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছিল সেয়া সত্য বুলি প্ৰমাণিত হৈছে।

আদানীৰ এই ধুমুহাই দুই সদনো চুইছেগৈ। লোকসভা আৰু ৰাজ্য সভাত ২ ফেব্ৰুৱাৰী ২০২৩ ত সকলো বিৰোধী এক হৈ চৰকাৰক দাবী জনাইছে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু এই সমগ্ৰ বিষয়টো দুই সদনত আলোচনা হ'ব লাগে।

শ্বেয়াৰ জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছত বিনিয়োগকাৰীসকলে চিন্তাত পৰিছে। হঠাৎ ধনী হোৱা আদানীয়ে এফ পি অ' বাতিল কৰি বিনিয়োগকাৰীসকলক সেই ধন ঘূৰাই দিবলৈ সিদ্ধান্ত ল'লে।

এফ পি অ' সম্পূৰ্ণৰূপে বিক্ৰী হোৱাৰ পাছতো আদানীয়ে ২০ হাজাৰ কোটি টকা ঘূৰাই দিবলগীয়া কাৰণ হ'ল তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ। জীৱন বীমা বেংক সমূহেও আদানীৰ শ্বেয়াৰ ক্ৰয় কৰে।

কোম্পানীৰ শ্বেয়াৰ বন্ধকত থৈ, ভাৰতীয় বেংকৰ পৰা আদানীয়ে বৃহৎ পৰিমাণৰ ধন ঋণ লৈ থৈছে। এনেদৰে শ্বেয়াৰ মূল্য নিম্নগামী হৈ থাকিলে আদানীয়ে যে মূৰ দাঙি থিয় হ'ব পাৰিব তাৰ কোনো সম্ভাৱনা নাই।

এছ বি আই, পি এন বি আদিৰ পৰা আদানীয়ে লোৱা ঋণৰ পৰিমাণ ২.৫ লাখ কোটিৰো অধিক। সেই ধন হেৰুৱাব বেংকবোৰে। জীৱন বীমা নিগমৰো একেই অৱস্থা। এই হিণ্ডেনবাৰ্গৰ বাবেই এদিন টুইটাৰৰ অৱস্থাও কাহিল হৈ পৰিছিল।

যাৰ সুযোগ গ্ৰহণ কৰি এলন মাস্কে টুইটাৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। আদানী, আম্বানী আৰু টাটা কোম্পানী একেই নহয়। ভাৰতৰ উদ্যোগ গুৰু হিচাপে টাটাই দেশক তুলি ধৰিছিল।

আজিও সেই ধাৰাবাহিকতা টাটা কোম্পানীয়ে ধৰি ৰাখিছে। তাৰ উদাহৰণ ৰতন টাটা। যদি এই ছন্দ পতন টাটা কোম্পানীৰ ক্ষেত্ৰত হ'ল হয় তেনে মানুহ দুখৰ সমভাগী হ'ল হয়। কিন্তু সেই অনুকম্পা আদানীৰ প্ৰতি মানুহৰ নাই।

আদানী ধনী হোৱাৰ আঁৰত ৰাজনীতি আছে। আদানীৰ মূৰৰ ওপৰত আশীৰ্বাদ আছে ৰাজনৈতিক নেতাৰ। সেয়েহে আদানীয়ে এই ধৰণে দেশৰ সম্পদ ক্ৰয় কৰি লুণ্ঠন কৰাৰ সুযোগ লাভ কৰিছে।

মাত্ৰ ৮ বছৰৰ ভিতৰত ইমান টকাৰ মালিক হোৱাত আদানীৰ ওচৰত চকু পৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ। কিহৰ ফলত, কিহৰ যাদুত এই বিকাশ সম্ভৱ তাৰ কাৰণে দুটা বছৰ অনুসন্ধান কৰিবলগীয়া হৈছিল হিণ্ডেনবাৰ্গে।

এই গৱেষণা আৰু অনুসন্ধানত যিবোৰ তথ্য পোহৰলৈ আহিল সেয়া দেশৰ অৰ্থনীতিৰ বাবেই ভয়ানক হৈ পৰিছে। শ্বেয়াৰ বজাৰত জালিয়াতিৰ আশ্ৰয় লৈ ভুৱা হিচাপ, নিকাচ কৰি এনেদৰে সম্পত্তি বৃদ্ধি কৰাৰ অভিযোগত এতিয়া অভিযুক্ত আদানী।

আদানীৰ ৭ টা কোম্পানীৰ বিকাৰশৰ গড় হাৰ ৮১৯ শতাংশ। ভাৰতৰ ধনী মানুহ আছিল আদানী। কিন্তু আদানীৰ ছন্দ পতনৰ পাছত এইবোৰ ফাঁকি পোহৰলৈ অহাৰ পিছত দেশৰ ধনাধ্য ব্যক্তিৰ শীৰ্ষলৈ গ'ল মুকেশ আম্বানী।

আদানীৰ স্থান তললৈ গৈ আছে। কালি যদি বিশ্বৰ ৭ নম্বৰ ধনী আজি সেই স্থান গৈ পাইছে ১১ নম্বৰত। আদানীয়ে ভাৰতীয় জাতীয় পতাকা গাত মেৰিয়াই ৰাষ্ট্ৰক লুণ্ঠন চলোৱা বুলি হিণ্ডেনবাৰ্গে স্পষ্ট আৰু দৃঢ় ভাৱে কৈছে।

সেই ধন আদানীৰ নাছিল। বেংক, জীৱন বীমাত থোৱা সাধৰণ লোকৰ ধন আদানী গ্ৰুপৰ শ্বেয়াৰ কিনি এইবোৰ প্ৰতিষ্ঠানে বিনিয়োগ কৰিছিল। এতিয়া তাৰ ফল প্ৰায় প্ৰতিজন লোকেই ভোগ কৰিবলগীয়া হ'ব।

আদানী, আম্বানীক লৈ বিভিন্ন কথা আলোচনা হয়। আদানীৰ ভাল দিনত মানুহে ধেমেলীয়া চলেৰে কৈছিল ৫০০ বিলিয়ন ব্যয়ৰে মুকেশ আম্বানীয়ে ঘৰ নবনাই আদানী কোম্পানীৰ শ্বেয়াৰ কিনিলে আজি আদানীৰ স্থানত আম্বানী থাকিল হয়।

কিন্তু সেই সকলোবোৰ কথা এতিয়া ওলট-পালত হৈ পৰিছে। ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৰ্ভৰ্নৰ ৰঘুৰাম ৰাজনে কোৱা কথাই সঁচা প্ৰমাণিত হৈছে। আদানীৰ ক্ষেত্ৰত তেওঁ কৈছিল, এয়া শুভ লক্ষ্যণ নহয়। যিমান সোনকালে ধনী হয়, তাতোকৈ কম সময়ত মানুহ দুখীয়াও হৈ পৰে।

আদানীৰ এই শ্বেয়াৰ বজাৰৰ জালিয়াতিৰ তদন্ত বিচাৰিছে বিৰোধীয়ে। হ'বনে সঁচাকৈয়ে তদন্ত? হিণ্ডেনবাৰ্গৰ কথা সঁচা হ'লে দেশ দেউলীয়া হ'ব। আদানী কোম্পানীত বিনিয়োগ কৰাসকলৰ অৱস্থা কি হ'ব পাৰে সেয়া কল্পনাৰো অগোচৰ।

আদানীৰ ধন ঘটাৰ ফৰ্মুলা...
10 Historical places in Assam: অসমৰ ঐতিহাসিক ঠাইসমূহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in