পুনৰ ত্ৰিপুৰাত লাখ টকাৰ গাঞ্জা জব্দ

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান বিএছএফ, শুল্ক বিভাগ আৰু 'জি আৰ পি'ৰ।

author-image
Asomiya Pratidin
New Update
পুনৰ ত্ৰিপুৰাত লাখ টকাৰ গাঞ্জা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান বিএছএফ, শুল্ক বিভাগ আৰু 'জি আৰ পি'ৰ। পৃথক পৃথক অভিযান চলাই শুকুৰবাৰে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে বিএছএফ আৰু 'জি আৰ পি'য়ে।

Advertisment

আগৰতলাৰ কেন্দ্ৰীয় শুল্ক বিভাগ আৰু বিএছএফে পশ্চিম ত্ৰিপুৰা জিলাৰ পৰা জব্দ কৰে বুজণ পৰিমাণৰ গাঞ্জা।‌ মোহনপুৰ মহকুমাৰ ছিধাই থানাৰ অন্তৰ্গত জলাইবাৰীৰ এটা বাসগৃহত যৌথ অভিযান চলাই ২২০ কেজি গাঞ্জা জব্দ কৰে অভিযান কাৰী দলটোৱে। জব্দ কৰা এই বুজন পৰিমাণৰ গাঞ্জা খিনিৰ মূল্য প্ৰায় ৩৩ লাখ টকা।‌

আন এক অভিযানত পশ্চিম ত্ৰিপুৰাৰ বগাবিলৰ পৰাও ২০ কেজি গাঞ্জা জব্দ কৰে বিএছএফ আৰু শুল্ক বিভাগে। জব্দ কৰা এই গাঞ্জা খিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি সদৰি কৰিছে বিএছএফে।

ইফালে, আগৰতলা ৰে'লষ্টেচনত নিয়মীয়া তালাচী চলোৱা সময়ত জিআৰপি য়ে ৪০ কেজি গাঞ্জা জব্দ কৰে। ৰেলেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে গাঞ্জা খিনি ষ্টেচনলৈ অনা হৈছিল যদিও ইয়াৰ পূৰ্বেই গৰাকী বিহীন গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয় কৰ্তব্যৰত জিআৰপিয়ে।

Also Read: বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ আশীষ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

BSF marijuana Customs Department of India grp