বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ আশীষ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ আশীষ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ চলি থকাৰ মাজতে ৰাজ্যৰ ভিতৰত সৰ্বাধিক চৰ্চিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দেখা গ'ল সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিক পৰিৱেশত। ভকত বৈষ্ণৱৰ সংগ লৈ গুৰুসেৱাত ব্ৰতী হৈ পৰিল সাংসদগৰাকী।

শনিবাৰে পুৱা বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত ভকত বৈষ্ণৱৰ আশীষ লৈ গুৰুজনাৰ জন্মস্থানৰ পৰা সাংসদগৰাকীয়ে থানৰ নিৰ্মালী, পবিত্ৰ আকাশী গংগাৰ জল, গুণমালা পুথি আৰু গুৰুভূমিৰ মাটি লৈ যাত্ৰা আৰম্ভ কৰিলে।

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিশেষ পুঁজিৰে নিৰ্মাণ হোৱা অসম বাংলাদেশ সীমান্তত থকা ধুবুৰী জিলাৰ ৰামৰায় কুটিৰ সত্ৰশালৰ নৱনিৰ্মিত গুৰুগৃহ, ভকত নিৱাসৰ শুভ উদ্বোধন হ'ব অহা ৫ ফেব্ৰুৱাৰীত। যাৰ বাবে সাংসদগৰাকীয়ে বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, সত্ৰাধিকাৰ সকলোৰে আশীৰ্বাদ লৈ নিমন্ত্ৰণ জনালে।

উল্লেখযোগ্য যে, লোকসেৱা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গুৰুজনাৰ স্মৃতি বিজড়িত এখন ঐতিহ্যমণ্ডিত সত্ৰক পুনৰ প্ৰাণ দিয়াৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ আশীষ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে
নগাঁৱৰ কঠিয়াতলীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in