মণিপুৰত নৈত গা ধুবলৈ গৈ ৪ শিশুৰ কৰুণ মৃত্যুঃ সংঘৰ্ষৰ বাবে দীৰ্ঘদিনে আছিল শিবিৰত...

মৃত চাৰিওটা শিশুৰ বয়স ৪ ৰ পৰা ৯ বছৰৰ ভিতৰত

author-image
Asomiya Pratidin
New Update
মণিপুৰত নৈত গা ধুবলৈ গৈ ৪ শিশুৰ কৰুণ মৃত্যুঃ সংঘৰ্ষৰ বাবে দীৰ্ঘদিনে আছিল শিবিৰত...

মণিপুৰত নৈত গা ধুবলৈ গৈ ৪ শিশুৰ কৰুণ মৃত্যুঃ সংঘৰ্ষৰ বাবে দীৰ্ঘদিনে আছিল শিবিৰত...

ডিজিটেল ডেস্কঃ গোষ্ঠীগত হিংসাত বিধ্বস্ত মণিপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিত পৰি ঘৰ এৰি আশ্ৰয় শিবিৰত থকা চাৰিটাকৈ শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে চাৰিওটা শিশুৱেই টুইথা নৈত গা ধুবুলৈ গৈছিল। চুৰচান্দপুৰৰ টুইবঙৰ এটা শিবৰত আছিল এই শিশু কেইটা। আনহাতে এতিয়াও সন্ধানহীন হৈ আছে আন দুটা শিশু। এই দুই শিশুৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান।

জানিব পৰা মতে মৃত চাৰিওটা শিশুৰ বয়সৰ ৪ ৰ পৰা ৯ বছৰৰ ভিতৰত। উল্লেখ্য যে, মঙ্গলবাৰেই নৈখনত গা ধুবলৈ গৈ সন্ধানহীন হোৱা এই শিশু কেইটাৰ ভিতৰত ৪ টা শিশুৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হৈছে।

অভিভাৱকৰ অনুপস্থিতিত আটাইকেইটা শিশুৱে মঙ্গলবাৰে দিনৰ প্ৰায় ২ বজাত গা ধুবলৈ গৈছিল। ইয়াৰ পিছত দীৰ্ঘ সময় ধৰি শিশু কেইটা উভতি নহাত অভিভাৱকে সন্ধান আৰম্ভ কৰে।

শিবিৰত থকা আন আন লোকসকলেও শিশু কেইটাৰ সন্ধানত নামি পৰে। গোটেই নিশা এই অভিযান চলাই আজি পুৱা ৬ বজাত প্ৰথমে দুটা মৃতদেহ আৰু ইয়াৰ ঠিক আধা ঘণ্টা পিছত পুনৰ দুটা শিশুৰ মৃতদেহ উদ্ধাৰ হয়।

Also Read: চাহ খাবলৈ গৈ দুই শিশুক হত্যা কৰিলে এজনেঃ আৰক্ষীৰ গুলীত নিহত অভিযুক্ত

মণিপুৰ