চাহ খাবলৈ গৈ দুই শিশুক হত্যা কৰিলে এজনেঃ আৰক্ষীৰ গুলীত নিহত অভিযুক্ত

ছাজিদ নামৰ ২২ বছৰীয়া যুৱকৰ কাণ্ডত উত্তৰ প্ৰদেশত চাঞ্চল্য

author-image
Asomiya Pratidin
New Update
চাহ খাবলৈ গৈ দুই শিশুক হত্যা কৰিলে এজনেঃ আৰক্ষীৰ গুলীত নিহত অভিযুক্ত

চাহ খাবলৈ গৈ দুই শিশুক হত্যা কৰিলে এজনেঃ আৰক্ষীৰ গুলীত নিহত অভিযুক্ত

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে নিশা উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চুবুৰীয়াৰ ঘৰলৈ গৈ এজন যুৱকে হত্যা কৰিলে প্ৰতিবেশী দুই কিশোৰক। আনহাতে আৰক্ষীৰ গুলীত নিহত অভিযুক্ত যুৱকজন।

Advertisment

ৰাজ্যখনৰ বুডাউনৰ বাবা কলনী অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে অভিযুক্ত যুৱকজন চুবুৰীয়াৰ এঘৰলৈ গৈছিল। চুবুৰীয়া লোকজনৰ ঘৰত গৈ কৈছিল যে তেওঁ চাহ খাব। তাৰ পাছতে তেওঁ সেই চুবুৰীয়াৰ দুই নাবালক পুত্ৰক হত্যা কৰি পলায়ন কৰে।

আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বাবা কলনী অঞ্চলত এখন চেলুনৰ গৰাকী আছিল চাজিদ নামৰ যুৱকজন। মঙ্গলবাৰে নিশা তেওঁ চুবুৰীয়া বিনোদ ঠাকুৰৰ ঘৰলৈ গৈছিল। তাৰ পাছত চাজিদে একাপ চাহ খাব বুলিও কয়।

সেই সময়ত বিনোদৰ তিনিজন নাবালক পুত্ৰই ছাদত খেলি আছিল। ছাজিদে তেওঁলোকক লগ কৰাৰ নামত ছাদলৈ যায়। এই ছাদতে ছাজিদে বিনোদৰ ১৩ আৰু ৬ বছৰীয়া দুই পুত্ৰক চোকা অস্ত্ৰৰে হত্যা কৰে।

অভিযোগ অনুসৰি ছাজিদে বিনোদৰ ৮ বছৰীয়া আন এটা পুত্ৰ সন্তানকো আক্ৰমণ কৰিছিল যদিও সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰে। ইয়াৰ পাছতে ছাজিদ সেই স্থানৰ পৰা পলায়ন কৰে।

ইফালে এই খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষী। স্থানীয় লোকসকলে অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে দাবীৰে কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰে। সমান্তৰালকৈ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান।

এনে অভিযানৰ মাজতে আৰক্ষীয়ে সম্ভেদ পাই জংঘলৰ মাজত লুকাই আছে অভিযুক্ত ছাজিদ। ইয়াৰ পাছতে ছাজিদক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই যদিও আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰে অভিযুক্ত ছাজিদে। ফলত আৰক্ষীয়ে গুলী চালনা কৰে আৰু আৰক্ষীৰ গুলীত নিহত হয় ছাজিদ। অৱশ্যে ছাজিদে কিয় বিনোদৰ দুই পুত্ৰক হত্যা কৰিলে তাৰ তথ্য এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Also Read: অসম জাতীয় পৰিষদ এৰিলে দুলু আহমেদে...

উত্তৰ প্ৰদেশ