সুদীৰ্ঘ ৫মাহৰ পিছত মণিপুৰী শৰণাৰ্থীৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন

সুদীৰ্ঘ ৫মাহৰ পিছত মণিপুৰী শৰণাৰ্থীৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন

author-image
Asomiya Pratidin
New Update
সুদীৰ্ঘ ৫মাহৰ পিছত মণিপুৰী শৰণাৰ্থীৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন

ডিজিটেল সংবাদ শিলচৰ: বিগত ৫ মাহ ধৰি অশান্ত হৈ থকা মণিপুৰৰ পৰিস্থিতি বৰ্তমান কিছু শান্ত হোৱাৰ পিছত স্ব গৃহলৈ উভতিব ধৰিছে ঘৰ-বাৰী এৰি বিভিন্ন স্থানত আশ্ৰয় লোৱা মণিপুৰী শৰণাৰ্থীসকল। কাছাৰ জিলা সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত বিগত ৫ মাহ ধৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা ৭০ গৰাকী শৰণাৰ্থী ইম্ফলৰ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে।

Advertisment

অসম ৰাইফলছৰ উদ্যোগত শৰণাৰ্থীসকলক নিজ গৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হয়। অসম ৰাইফলছে কটকটীয়া নিৰাপত্তা দি শৰণাৰ্থীসকলক মণিপুৰৰ বিভিন্ন স্থানত থকা শৰণাৰ্থীসকলৰ নিজ বাসগৃহসমূহলৈ লৈ যায়।

৩ মে'ত কুকি আৰু মেইটে মণিপুৰীসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি ৪ মে' ৰ পৰা জিৰিবামৰ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা এই সকল শৰণাৰ্থীয়ে জিৰিবামৰ প্ৰশাসন, বিভিন্ন NGO আৰু অসম ৰাইফলছক কৃতজ্ঞতা প্ৰকাশ কৰে।

Also Read: 'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩'ৰ আৰম্ভণি

assam rifles