'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩'ৰ আৰম্ভণি

'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩'ৰ আৰম্ভণি

author-image
Asomiya Pratidin
New Update
'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩'ৰ আৰম্ভণি

ডিজিটেল সংবাদ, মেৰাপানী: শনিবাৰৰ পৰা মেৰাপানী ৰাজহুৱা খেলপথাৰত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে 'মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩'। দৈয়াং শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰথম বাৰৰ বাবে অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত অনুষ্ঠিত কৰা হৈছে মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ।

Advertisment

এই গ্ৰন্থমেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰন্থ বিপনীসমূহে গ্ৰন্থমেলাৰ বাকৰি শুৱনি কৰিছে। দ্বিতীয় দিনাৰ গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাহিত্যক তথা বীৰঙ্গনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল। আটাইকেইটা দিনতে সমূহ গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।

Also Read: চতিয়াত 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচী

book fair