/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ea8a6c30-e0f3-4faf-b167-e90ad733c193/manipur_4.jpg)
ডিজিটেল ডেস্কঃ মিজোৰামৰ ভোটগণনা চলি থকাৰ সময়তে দীৰ্ঘদিনে গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত হৈ থকা চুবুৰীয়া ৰাজ্য মণিপুৰত সোমবাৰে পুনৰ সংঘৰ্ষত ১৩ জনকৈ লোক নিহত হৈছে। মণিপুৰৰ টেংনুপাল জিলাত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সন্দৰ্ভত নিৰাপত্তাৰক্ষীৰ কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি তেওঁলোকে সোমবাৰে দুপৰীয়া টেংনুপাল জিলাৰ ছাইবোলৰ কাষৰ লিথু গাঁৱত দুটাকৈ উগ্ৰপন্থী গোটৰ মাজত সংঘাতৰ খবৰ লাভ কৰিছিল।
এই সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ শিবিৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰত সংঘটিত হৈছে। সুৰক্ষাকৰ্মীৰ কৰ্তৃত্বশীল বিষয়াই কয়, আমাৰ বাহিনী লিথু গাঁৱৰ ঘটনাস্থলীত প্ৰৱেশ কৰাৰ সময়ত ১৩ টাকৈ মৃতদেহ প্ৰত্যক্ষ কৰে। তেওঁলোকৰ কাষৰ পৰা কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই।
তেওঁৰ মতে নিহত ১৩ জন ব্যক্তি লিথু গাঁৱৰ স্থানীয় লোক নহয়। অন্য স্থানৰ পৰা আহি এই সংঘৰ্ষত নিহত হৈছে। এই পৰ্যন্ত ১৩ টা মৃতদেহেই চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীও উপস্থিত হৈছে। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
উল্লেখ্য, ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে। চৰকাৰী তথ্য মতেই এই পৰ্যন্ত সংঘৰ্ষত ১৮২ জন লোক নিহত হৈছে। গৃহহীন হৈছে ৫০ হাজাৰৰো অধিক লোক।
দেওবাৰে এই ৰাজ্যখনত কেইখনমান জিলাৰ সীমান্ত অঞ্চলক বাদ দি প্ৰায় ৭ মাহৰ মূৰত ইণ্টাৰনেণ্ট সেৱাত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ঠিক চাৰি দিনৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চকৰকাৰে মণিপুৰৰ আটাইতকৈ পুৰণি উগ্ৰপন্থী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ’ৰ্চ চমুকৈ ইউ এন এল এফৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল।
Also Read: ৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...