৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...

৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...
৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...
উত্তৰ ভাৰতৰ তিনি ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত কংগ্ৰেছৰ পৰাস্ত হোৱাৰ কাৰণ কি? তিনি জন নেতাৰ অদূৰদৰ্শী চিন্তা, ক্ষমতাৰ খকেই এই পৰাজয়ৰ কাৰণ নেকি? এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আহিল। পাঁচোখন ৰাজ্যত কংগ্ৰেছে ক্ষমতা দখল কৰিব বুলি কেইদিনমানৰ আগলৈকে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰি আহিছিল যদিও ৪ ৰাজ্যতে দলটোৱে মুখ ঠেকেচা খালে।

কেৱল সন্মান ৰক্ষা কৰিলে তেলেংগানাই। এই ৫ ৰাজ্যৰ ভিতৰত সৰ্বাধিক ২৩০ খন আসন থকা মধ্যপ্ৰদেশত বিজেপিক পৰাস্ত কৰি পুনৰ কংগ্ৰেছে ক্ষমতা দখল কৰিব বুলি আশা কৰিছিল যদিও সেই আশা পূৰণ নহ'ল।

বৰঞ্চ নিজৰ দখলত থকা ৰাজস্থান আৰু ছত্তিশগড়ত ক্ষমতা হেৰুৱালে দলটোৱে। ইফালে মিজোৰামত পূৰ্বৰ তুলনাতকৈ ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা কৰিছিল যদিও সেই আশাও পূৰণ নহ'ল। মাত্ৰ এখন আসন লাভেৰে কোনোমতে অস্তিত্ব ৰক্ষা কৰিলে দলটোৱে।

দেশৰ অন্যতম প্ৰাচীন তথা দীৰ্ঘসময় ক্ষমতাত থকা এই দলটোৰ আজিৰ অৱস্থাৰ বাবে দায়ী কোন? এই প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ বহুতেই বিচাৰিছে। দলটোৰ আজিৰ এই অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্ব তথা দলটোৰ মূৰব্বীৰ বহু কাৰক আছে যদিও মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়ত এইদৰে পৰাজয়ৰ আঁৰত কিন্তু তিনিজন নেতাৰ মুখ্য ভূমিকা আছে।

২০১৮ ত মধ্যপ্ৰদেশত ক্ষমতা দখল কৰিও ২০২০ ত ৰাজ্যখনত গঠন হৈছিল বিজেপিৰ চৰকাৰ। ৰাজস্থান, ছত্তিশগড়ত চৰকাৰ আছিল যদিও দুয়োখন ৰাজ্যতে ক্ষমতা হেৰুৱাইছে দলটোৱে।

এই তিনিওখন ৰাজ্যৰ এই অৱস্থাৰ বাবে ৩ নেতা ক্ৰমে কমল নাথ, অশোক গেহলট আৰু ভূপেশ বাঘেল যে পোনপটিয়াকৈ জগৰীয়া সেয়া দলীয় কৰ্মীসকলেই বুজি পাইছে। এই তিনি নেতাৰ ক্ষমতাৰ প্ৰতি থকা খক, অদূৰদৰ্শী চিন্তা, নতুনক বাট মুকলি কৰি দিব নিবিচৰা চিন্তাই যে তিনিওখন ৰাজ্যত কংগ্ৰেছ পৰাস্ত হোৱাৰ মূল কাৰণ সেয়া বহুতেই বুজি পাইছে।

বহু দক্ষ নেতা থকাৰ পাছতো কংগ্ৰেছত গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা ভাদ্ৰা গান্ধীৰ যি গুৰুত্ব আৰু দায়িত্ব তেনে গুৰুত্ব আৰু দায়িত্ব কিন্তু দক্ষতা থকাৰ পাছতো বহু যুৱ নেতৃত্বক দিবলৈ নাৰাজ একাংশ জ্যেষ্ঠ নেতা। কমল নাথ, দিগ্বীজয় সিং, অশোক গেহলট, ভূপেশ বাঘেল তেনে কেইজনমান নেতা।

মধ্যপ্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াই যেতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হৈছিল সেই সময়ত কংগ্ৰেছ হাইকামাণ্ডক ৰাজ্যখনৰ নেতা কমল নাথে জনাইছিল- সিন্ধিয়া গ'লেও যাওঁক। মধ্যপ্ৰদেশত তেওঁলোকৰ চৰকাৰ খহি পৰিলেও কোনো ক্ষতি নহয়।

কমল নাথৰ কথাকেই সমৰ্থন কৰিছিল ৰাজ্যখনৰ আন এগৰাকী জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে। ইয়াৰ আঁৰতো আছিল এক ৰাজনীতি। জ্যোতিৰাদিত্য সিন্ধিয়া দলত থাকিলে দিগ্বিজয় সিঙৰ পুত্ৰৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট বন্ধ হোৱাৰ ভয়তে দিগ্বিজয় সিঙে যে, কমল নাথৰ কথাতেই হয়ভৰ দিছিল সেয়া এই নিৰ্বাচনতে প্ৰমাণ হৈছে।

কিয়নো ৰাজ্যখনত কংগ্ৰেছ জয়ী হোৱা হলে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিলে হয় দিগ্বিজয় সিঙৰ পুত্ৰ জয়বৰ্ধন সিঙে। পৰৱৰ্তী নিৰ্বাচনত জয়বৰ্ধনক প্ৰক্ষেপ কৰা হ'ল হয় মুখ্যমন্ত্ৰী হিচাপে।

জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি গমনৰ পাছতে ৰাজস্থানত বিদ্ৰোহ ঘোষণা কৰা শচীন পাইলটকো প্ৰায় গুৰুত্বহীন কৰিলে দলে। শেষ মুহূৰ্তলৈকে অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ যুঁজখন মুকলিকৈয়ে চলি থাকিল।

অন্তঃকন্দলত জৰ্জৰিত দলটোৱে শক্তিশালী বিজেপিক ৰোধাৰ কৌশল ৰচনা কৰাত অধিক মনোনিবেশ কৰাৰ পৰিৱৰ্তে দলীয় কন্দল ৰোধ কৰাতহে অধিক ব্যস্ত থাকিবলগীয়া হ'ল।

একেদৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজ্যখনৰ কংগ্ৰেছৰ সাংগঠনিক দায়িত্বও নিজৰ হাততে ৰাখিছিল। কেৱল টি এছ সিং দেওৰ বাহিৰে আন সকলো নেতাক তেওঁ গুৰুত্বহীন কৰি ৰাখিছিল। টি এছ সিং দেওক তেওঁ আনকি উপ-মুখ্যমন্ত্ৰী হিচাপেও দায়িত্ব প্ৰদান কৰিছিল।

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত ৩ ডিচেম্বৰত বিজেপিৰ চৰকাৰ নিশ্চিত হোৱাৰ পাছতে এতিয়া কাঠগড়াত উঠিছে এই তিনি নেতা। ৰাজস্থান আৰু ছত্তিশগড়ত গেহলট আৰু বাঘেলে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিছে। মধ্যপ্ৰদেশত কমল নাথৰ মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্ন ভংগ হৈছে।

মন কৰিবলগীয়া যে, এই তিনিওখন ৰাজ্যৰ নিৰ্বাচনত, কংগ্ৰেছ হাইকমাণ্ডে তিনিওজন নেতাকে সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছিল। দলীয় প্ৰাৰ্থীক টিকট দিয়াৰ ক্ষেত্ৰতো তেওঁলোক তিনিজনেই আছিল সৰ্বেসৰ্বা। তাৰ পাছতো তিনিওখন ৰাজ্যতে কংগ্ৰেছৰ পৰাজয়ৰ বাবেই এতিয়া তেওঁলোকৰ চিন্তা আৰু নেতৃত্বক লৈ প্ৰশ্ন উদয় হৈছে।

এই কেইজন নেতাই ইতিমধ্যে নিজ নিজ দায়িত্বৰ পৰা পদত্যাগ কৰিছে। কিন্তু ২০২৪ ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনলৈ মাজত ৬ মাহ সময়ো বাকী নথকা অৱস্থাত এই ৰাজ্যকেইখনত কংগ্ৰেছে পুনৰ কিদৰে মূৰ দাঙ উঠিব পাৰিব তাক লৈও চৰ্চা আৰম্ভ নোহোৱা নহয়।

জানিব পৰা মতে কংগ্ৰেছ হাইকামাণ্ডে মধ্যপ্ৰদেশৰ পৰা কমল নাথ আৰু দিগ্বিজয় সিঙক সম্পূৰ্ণৰূপে আঁতৰাই অৰুণ সিং, জিতু পাটোৱাৰী, মিনাক্ষী নটৰাজনৰ দৰে তৰুণ প্ৰজন্মৰ হাতত দায়িত্ব তুলি দিবলৈ চিন্তা কৰিছে। কমল নাথ আৰু দিগ্বিজয় সিঙৰ দৰে নেতাই কৰা ভুল পুনৰ কৰিব বিচৰা নাই।

ৰাজস্থানতো লোকসভা নিৰ্বাচনৰ পূৰ্বে যিমান পাৰি সোনকালে শচীন পাইলটৰ হাততেই সম্পূৰ্ণ দায়িত্ব তুলি দিয়াৰ কথা চিন্তা কৰা হৈছে। অশোক গেহলটে তৰুণ নেতাক একাষৰীয়া কৰা বা তৰুণলৈ বাট এৰি দিব নিবিচৰা মানসিকাতই যে দলটোক ক্ষতি কৰিলে সেই কথা ভোটগণনাৰ পাছতহে অনুভৱ কৰিছে।

সেয়ে লোকসভা নিৰ্বাচনত সেই ভুল কৰিব বিচৰা নাই। কিন্তু ছত্তিশগড়ত ভূপেশ বাঘেলক বাদি দি আন কোনো নেতাৰ কথা এতিয়াও চিন্তা কৰিব পৰা নাই হাইকমাণ্ডে। ৰাজ্যখনত আন নেতা শক্তিশালী বা জনপ্ৰিয় হোৱাৰ সুযোগ নোপোৱাৰ বাবে ভূপেশ বাঘেলৰ ওপৰতেই আকৌ ভৰসা কৰিব লাগিব দলটোৱে।

দিল্লীৰ সৈতে ভূপেশ বাঘেলৰ যি ঘনিষ্ঠতা বা সংযোগ সেয়া ৰাজ্যখনৰ আন কোনো নেতাৰ নাই। সেয়ে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ হোৱাৰ সুযোগো লাভ কৰা নাই আন নেতাই।

মধ্যপ্ৰদেশত কংগ্ৰেছৰ পৰাজয়ৰ বাবে মূল দোষী কমল নাথ বুলি স্পষ্টকৈ অভিযোগ কৰিছে কংগ্ৰেছকৰ্মী তথা একাংশ নেতাই। এককভাৱে আৰু কাৰো সৈতে কোনো আলোচনা নকৰাকৈ কমল নাথে টিকট বিলাইছিল বুলি অভিযোগ উঠিছে।

আনকি প্ৰচাৰৰ ক্ষেত্ৰতো কমল নাথে বৰ বেছি গুৰুত্ব নিদিলে। শিৱৰাজ সিং চৌহানক বিজেপিৰ শীৰ্ষ নেতৃত্বই একাষৰীয়া কৰি ৰাখি প্ৰচাৰ চলাইছিল যদিও শিৱৰাজ সিং চৌহানে এককভাৱে যিদৰে প্ৰচাৰ কৰি দলক বিজয়ৰ বাবে চেষ্টাৰ ত্ৰুতি নকৰিলে তাৰ আধাও চেষ্টা নকৰিলে কমল নাথে।

আনহাতে ইণ্ডিয়া গোটৰ অংশীদাৰ সমাজবাদী পাৰ্টিয়েও মধ্যপ্ৰদেশত বিচাৰিছিল কংগ্ৰেছৰে মিত্ৰতা। সমাজবাদী পাৰ্টিৰ প্ৰভাৱ থকা কেইখনমান আসনত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

কিন্তু কমল নাথৰ বাবেই সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা নহ'ল কংগ্ৰেছৰ। বৰঞ্চ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ সিং যাদৱক মুকলিকৈ কটাক্ষহে কৰিলে। এই ৰাজ্যখনতে ইণ্ডিয়া গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

কিন্তু কমল নাথে সেই প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল। কমল নাথে বিচৰা নাছিল ডি এম কেৰ নেতাই মধ্যপ্ৰদেশত প্ৰচাৰ কৰক। হিন্দু ভোটৰ আশাত কমল নাথে গ্ৰহণ কৰা এই সিদ্ধান্ত যে অদূৰদৰ্শী আছিল সেয়া প্ৰমাণিত হৈছে।

নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এতিয়া কমল নাথে ভুলবোৰ বিশ্লেষণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। কিন্তু তেওঁৰ যে প্ৰতিটো সিদ্ধান্তই ভুল আছিল সেই কথা নিৰ্বাচনৰ পূৰ্বেই দলীয় কৰ্মী, নেতাই উপলব্ধি কৰিছিল। এতিয়া কমল নাথে যিমানেই বিশ্লষণ নকৰক সেই ভুলৰ শুধৰণি নাই।

ৰাজস্থানতো অশোক গেহলটৰ ওপৰতেই আছিল গুৰু দায়িত্ব। মুখ্যমন্ত্ৰীৰ আসনখনৰ মোহ এৰিব নোৱাৰাৰ বাবেই তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৰে পদো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

প্ৰাৰ্থী বাঁচনিৰ ক্ষেত্ৰত তেওঁৰ পচন্দৰ আৰু তেওঁৰ শিবিৰৰ প্ৰাৰ্থীকে টিকট দিয়াত জোৰ দিছিল। ইয়াকে লৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সৈতেও সৃষ্টি হৈছিল মতানৈক্য।

শচীন পাইলটে বিচাৰিছিল তৰুণ প্ৰজন্মৰ নেতাক দলে অধিক টিকট দিয়ক। সেই প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল গেহলটে। তাৰ পৰিণাম এতিয়া ভোগ কৰিছে। তেওঁৰ হাতত মুখ্যমন্ত্ৰীৰ আসনো নাথাকিল, দলৰ সভাপতি হোৱাৰো বাট বন্ধ হ'ল।

ছত্তিশগড়ত কংগ্ৰেছৰ পৰাজয় বহুতৰ বাবে এতিয়াও সপোনৰ দৰে। এই ৰাজ্যখন বিজেপিয়েও নিজৰ দখললৈ আনিব পাৰিব বুলি হয়তো আশা কৰা নাছিল। এই ৰাজ্যখন বিজেপিৰ বাবে বনাচ।

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ হাতত আছিল উত্তৰ প্ৰদেশ, অসমৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব। এনে এজন নেতাৰ নেতৃত্বত ছত্তিশগড়ত কংগ্ৰেছ পৰাস্ত হ'ল। মহাদেৱ এপ দুৰ্নীতি, ভূপেশ বাঘেলৰ অধিক আত্ববিশ্বাস তথা নেতাৰ অভাৱত এই ৰাজ্যখন কংগ্ৰেছে হেৰুৱালে।

৩ ৰাজ্যত ৩ নেতাই ডুবালে কংগ্ৰেছক...
কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in