/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/611298a9-99ec-4ebf-97bc-eb4f71c6ebed/MANIPUR_06.jpg)
জ্বলিয়ে আছে মণিপুৰ, মৰিয়েই আছে মানুহ...
ডিজিটেল ডেস্কঃ শেষ হোৱাৰ নামেই লোৱা নাই। অৱশিষ্ট বুলিও যেন একো বাকী নাথাকিবগৈ আৰু চুবুৰীয়া মণিপুৰত ! যোৱা ৩ মাহে জ্বলি থকা মণিপুৰত জুইৰ উত্তাপ এতিয়াও হ্ৰাস হোৱা নাই।
বৰঞ্চ পুনৰ জুইৰ লেলিহান শিখাই মণিপুৰৰ আকাশ চানি ধৰিবলৈহে আৰম্ভ কৰিছে। সমান্তৰালকৈ অব্যাহত আছে হত্যাৰ দৰে জঘণ্য ঘটনা। অতি শেহতীয়াকৈ পশ্চিম ইম্ফল জিলাত পুনৰ ১৫ টাকৈ বাসৃহত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই।
একেদৰে ছেকন এলেকাটো এটা বাণিজ্যিক প্ৰতিষ্ঠানৰ সৈতে কেইবাটাও বাসগৃহত অগ্নিসংযোগ কৰিছে। যাৰ পৰিণতিত কিছু শান্ত হ’বলৈ আৰম্ভ কৰা মণিপুৰত পুনৰ আৰম্ভ হৈছে উত্তেজনা।
শনিবাৰে সন্ধিয়া জিলাখনৰ লেংগল গেমছ গাঁৱত সংঘটিত হৈছ এই ঘটনা। জানিব পৰা মতে একাংশ লোকে গাঁওখনত উত্তেজনা সৃষ্টি কৰাৰ পাছতে এই ঘটনা সংঘটিত হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ লগতে শূন্যলৈ গুলী চালনা কৰিবলৈও বাধ্য হয়।
ইফালে আৰক্ষীৰ গুলীত গাওঁখনৰ এজন ৪৫ বছৰীয়া যুৱকো গুলীবিদ্ধ হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা অব্যাহত আছে। ইফালে ইম্ফল ইষ্ট জিলাৰ ছেকন এলেকাটো হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছে।
এই অঞ্চলটোত এটা বাণিজ্যক প্ৰতিষ্ঠানৰ লগতে আন তিনিটাকৈ বাসগৃহত অগ্নিসংযোগ কৰিছে। উল্লেখ্য যে, ৫ আগষ্ট শনিবাৰে মণিপুৰৰ ২৭ টা বিধানসভা সমষ্টিৰ সমন্বয়ক সমিতিয়ে ২৪ ঘণ্টীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
সেই সময়তে এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয়।ইয়াৰ পূৰ্বে শুকুৰবাৰে মাজ নিশা বিষ্ণুপুৰ জিলাত এজন বৃদ্ধৰ লগতে তেওঁৰ পুত্ৰকে ধৰি ৩ জন লোকক দুৰ্বৃত্তই হত্যা কৰাৰো খবৰ পোৱা গৈছিল।
বিষ্ণুপুৰ জিলাৰ কোৱাকটা লামখাই গাঁৱত সেই নিশা দুৰ্বৃত্তৰ দলটোৱে হাতত তৰোৱাল আৰু বন্দুক লৈ এফালৰ পৰা সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে গুলীচালনাও কৰে। ফলত বৃদ্ধসহ ৩ জনকৈ লোকে প্ৰাণ হেৰুৱাই।
এনে পৰিস্থিতিৰ মাজতে আকৌ শনিবাৰে কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ অতিৰিক্ত ভাৱে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ১০ টা গোটক প্ৰেৰণ কৰিছে। বিষ্ণুপুৰ অঞ্চলত সংঘটিত হোৱা এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত সেনাই তীব্ৰ অভিযান আৰম্ভ কৰিছে।
এই অভিযানত এজন বিদ্ৰোহীক আটক কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই অভিযানৰ সময়ত এখন মাৰণাস্ত্ৰৰ বিপণী উদ্ধাৰ কৰিছে সেনাই। এই বিপণীখনত পোৱা গৈছে এটা ছেল্ফ লোডিং ৰাইফল, গোলাবাৰুদ আদি। এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে কৈছে, দুৰ্বৃত্তই কেৱল ভৈয়ামৰ বিভিন্ন আৰক্ষী থানা আৰু অস্ত্ৰভাণ্ডাৰৰ পৰা অস্ত্ৰসমূহ লোট কৰিছে দৰ্বৃত্তই।
একেটা দিনতে এ মুংচামকম গাঁৱত এট উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা এছ এল আৰ, বন্দুকৰ মেগজিন আৰু ৫০ ৰাউণ্ড গুলী উদ্ধাৰ কৰিছে। মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভৈয়ামৰ জিলাৰ পৰা এই পৰ্যন্ত দুৰ্বৃত্তই লুট কৰা ১০৫৭ টা অস্ত্ৰ আৰু ১৪২০১ টা গোলা বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বিপৰীতে পাহাৰীয়া জিলাসমূহৰ পৰা ১৩৮ টা অস্ত্ৰ আৰু ১২১ টা গোলাবাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Also Read: নিপুণ অসম' সাফল্যমণ্ডিত কৰিবৰ বাবে তৎপৰ কপিলি শিক্ষাখণ্ড...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us