নিপুণ অসম' সাফল্যমণ্ডিত কৰিবৰ বাবে তৎপৰ কপিলি শিক্ষাখণ্ড...

নিপুণ অসম' সাফল্যমণ্ডিত কৰিবৰ বাবে তৎপৰ কপিলি শিক্ষাখণ্ড...

author-image
Asomiya Pratidin
New Update
নিপুণ অসম'  সাফল্যমণ্ডিত কৰিবৰ বাবে তৎপৰ কপিলি শিক্ষাখণ্ড...

নিপুণ অসম' সাফল্যমণ্ডিত কৰিবৰ বাবে তৎপৰ কপিলি শিক্ষাখণ্ড...

ডিজিটেল সংবাদ বেবেজীয়া: দেশত বলবৎ হোৱা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক সৰ্বোচ্ছ অগ্ৰাধিকাৰ দিয়া হৈছে আৰু বিদ্যালয় পৰ্যায়ত ৰূপায়ণৰ বাবে অসম চৰকাৰেও আৰম্ভ কৰা 'নিপুণ অসম' মিচনৰ সফল ৰূপায়ণৰ বাবে মৰিগাঁও জিলাৰ কপিলি শিক্ষাখণ্ডই যথোচিত তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Advertisment

তাৰ অংশৰূপে আজি কপিলি খণ্ড এফ এল.এন টাস্ক ফৰ্চৰ প্ৰথমখনি বৈঠক তথা কৰ্মশালা অনুষ্ঠিত হয়। জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত উক্ত বৈঠকত কপিলি খণ্ডৰ প্ৰথমৰ পৰা তৃতীয় শ্ৰেণী পৰ্য্যন্ত থকা ৬১ খন বিদ্যালয় একোজনকৈ শিক্ষক- শিক্ষয়িত্ৰীয়ে অংশ লয়।

উক্ত আলোচনাত নিপুণ অসম মিছনৰ অধীনত বিদ্যালয়ে বিদ্যালয়ে যোগান ধৰা কাৰ্যপত্ৰ, গাণিতিক দক্ষতা অৰ্জন সঁজুলি, অন্যান্য শিক্ষণ-শিকণ সঁজুলিৰ ব্যৱহাৰ সন্দৰ্ভত এক কৰ্মশালাও অনুষ্ঠিত হয়। কপিলি খণ্ড সমল কেন্দ্ৰৰ এম.আই এচ সমন্বয়ক চন্দ্ৰ গোস্বামীয়ে আঁত ধৰা উক্ত বৈঠকত সমগ্ৰ শিক্ষা মিচনৰ জিলা আঁচনি বিষয়া লক্ষীনন্দন শইকীয়া আৰু ৰাজেন গোস্বামী, এফ এল এন মিচনৰ জিলা সমন্বয়ক বৰ্ষা বৰা, মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু প্ৰবক্তাসহ কপিলি আটাইকেইজন মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক উপস্থিত থাকি নিপুণ অসম বিদ্যালয় পৰ্যায়ত ফলপ্ৰসু কৰি তুলিবলৈ শিক্ষক- শিক্ষয়িত্ৰীসকলক উৎসাহিত কৰাৰ লগতে বিভিন্ন শিক্ষণ কৌশল সন্দৰ্ভত আলোকপাত কৰে।

Also Read: আৰক্ষী চাউনীৰ চাফাই কৰ্মীৰ সন্তান উজলিল সৰ্বভাৰতীয় NEET ত...

শিক্ষা বিভাগ