মণিপুৰ হিংসাঃ ১৭৫ জনৰ মৃত্যু, এতিয়াও মৰ্গত আছে ৯৬ টা অচিনাক্ত মৃতদেহ

গোষ্ঠীগত সংঘৰ্ষত ১৭৫ জনে প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হয় ১১১৮ গৰাকী আৰু নিৰুদ্দেশ হৈ আছে প্ৰায় ৩৩গৰাকী লোক।

author-image
Asomiya Pratidin
New Update
মণিপুৰ হিংসাঃ ১৭৫ জনৰ মৃত্যু, এতিয়াও মৰ্গত আছে ৯৬ টা অচিনাক্ত মৃতদেহ

ডিজিটেল ডেস্কঃ এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই মণিপুৰৰ হিংসাত্মক ঘটনাৰ।বিগত মে' মাহৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষত ১৭৫ জনে প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হয় ১,১১৮ গৰাকী আৰু নিৰুদ্দেশ হৈ আছে প্ৰায় ৩৩গৰাকী লোক। আৰক্ষীয়ে জনোৱা অনুসৰি এতিয়াও মৰ্গত পৰি আছে ৯৬ টা অচিনাক্ত মৃতদেহ।

Advertisment

মণিপুৰ চৰকাৰে এই সন্দৰ্ভত এক তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি কমেও ৫১৭২ টা অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। যাৰ ভিতৰত ৪৭৮৬ টা ঘৰ আৰু ৩৮৬ টা ধৰ্মীয় স্থান আছিল। ২৫৪ টা গীৰ্জা আৰু ১৩২ টা মন্দিৰ)।

হিংসাৰ আৰম্ভণিৰ পৰাই ৰাজ্যৰ অস্ত্ৰাগাৰৰ পৰা ৫,৬৬৮ টা অস্ত্ৰ লুটি লোৱা হৈছে। ইয়াৰ ভিতৰত সুৰক্ষা বাহিনীয়ে ১৩২৬ টা অস্ত্ৰ উদ্ধাৰ কৰিছে। লগতে ১৫,০৫০ গোলাবাৰুদ আৰু ৪০০ টা বোমা উদ্ধাৰ কৰা হৈছে।নিৰাপত্তাবাহিনীয়ে ৩০০তকৈ অধিক অবৈধ বাংকাৰ বিনষ্ট কৰিছে।

মেইটেই আৰু কুকি সকলৰ মাজত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষত এতিয়ালৈকে ৰাজ্যখনত যথেষ্ঠ ক্ষতিসাধন হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই সংঘৰ্ষ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও এতিয়া জ্বলিয়েই আছে হিংসাৰ জুই।

Also Read: ২২ খন দেশ সাজু ভাৰতৰ লগত ব্যৱসায় কৰিবলৈঃ কেন্দ্ৰীয় মন্ত্ৰী

manipur