/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/54a28e28-9a3b-46d6-a0a6-fe621cab9bcf/AP_FOR_WEB_g20.jpg)
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত অতি সফলভাৱে দেশে জি-২০ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকৰ সফলতা সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মত প্ৰকাশ কৰে।
সীতাৰমনে কয় যে, জি-২০ত ভাৰতে সকলো বিষয়ত সহমত লাভ কৰিছে। ২২ খন দেশ টকাত ভাৰতত ব্যৱসায় কৰিবলৈ সাজু। জি-২০ সদস্য দেশসমূহে ভাৰতৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে গোলকীয় দক্ষিণৰ কণ্ঠস্বৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
জি-২০-এ ক্ৰিপ্টো সম্পদ, গোলকীয় ঋণ, ব্ৰেটন উডছ ইনষ্টিটিউচন - আন্তৰ্জাতিক মুদ্ৰা মঞ্চ আৰু বিশ্ব বেংকত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দৰে বিষয়সমূহৰ ওপৰত সামূহিক আলোচনা কৰা হয়।
এই বৈঠকত ভাৰতৰ উন্নয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোচনা কৰা হয়। জি-২০ৰ বাবে বহুতো চহৰত সভা অনুষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে সকলো দেশে ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতি দেখিছে। জি-২০ সন্মিলনে বিশ্বত ভাৰতৰ এক নতুন ছবি তৈয়াৰ কৰিছে। ডিজিটেল ক্ষেত্ৰখনতো ভাৰতে নতুন গতি প্ৰদান কৰিছে।
ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত মোডী চৰকাৰে লাভ কৰা সফলতা সমূহৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
Also Read: পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে