মণিপুৰত পুনৰ গুলীয়াগুলীঃ নিহত এজন, আহত বহুতো

মণিপুৰত পুনৰ গুলীয়াগুলীঃ নিহত এজন, আহত বহুতো

ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত মণিপুৰ। মঙলবাৰে আৰক্ষীৰ গুলীত এজনলোক নিহত হোৱাৰ লগতে আহত হয় দুজন। তথ্য অনুসৰি মণিপুৰৰ থৌবালত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মত এক প্ৰতিবাদী কাৰ্যসূচী অচম্বিতে হিংসাত্মক হৈ পৰে। প্ৰতিবাদকাৰীসকলে দাবী কৰা অনুসৰি কুকি উগ্ৰপন্থীৰ নিৰন্তৰ আক্ৰমণৰ ফলত এই প্ৰতিবাদ আৰম্ভ হৈছিল।

ঘটনাটো আজি পুৱা প্ৰায় ১১:৩০ বজাত সংঘটিত হৈছিল। হাজাৰ হাজাৰ লোকৰ মাজত থকা একাংশই আইৰবি শিবিৰত আক্ৰমণ চলাইছিল। তেতিয়াই সংঘটিত হয় এই ঘটনা।

মৃত ব্যক্তিজনৰ নাম অমুজাম ৰোনাল্ড। গুলীচালনাৰ পিছতেই উত্তাল হৈ পৰে পৰিস্থিতি। অসম ৰাইফলছৰ ৩খন বাহনত অগ্নিসংযোগ দুৰ্বৃত্তই।

মণিপুৰত পুনৰ গুলীয়াগুলীঃ নিহত এজন, আহত বহুতো
গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in