গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে গোৱালপাৰা জিলাৰ বলদমাৰি অঞ্চলৰ পৰা আৱৰ্ত ভৱন পৰ্যন্ত প্ৰায় এক কিল’মিটাৰ অংশত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয়। জলসম্পদ বিভাগে ইতিমধ্যেই এই অংশত খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আৰু পৰ্কুপাইন দি অস্থায়ী আৰু জৰুৰী ব্যৱস্থা গ্ৰহণ কৰি কাম কৰি আছে।

মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে এই প্ৰায় এক কিল’মিটাৰ দৈঘ্যৰ অংশত অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা ভালদৰে স্থায়ী খহনীয়া প্ৰতিৰোধৰ কাম কৰা হ’ব। তেওঁ কয় যে এক কিলোমিটাৰ খহনীয়া ৰোধৰ কাম কৰাৰ সমান্তৰালভাৱে আগন্তুক সময়ত দুটা পৰ্যায়ত গোৱালপাৰা জিলাৰ প্ৰায় ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া ৰোধৰ কাম কৰি চহৰখনক ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ পূৰ্ণ প্ৰয়াস কৰা হ’ব |

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ নদী খহনীয়াৰোধৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ভাৰত চৰকাৰে লাভ কৰিবলগা প্ৰায় ৩৬০০ কোটি টকাৰ ঋণেৰে পৰ্যায়ক্ৰমে ৰাজ্যখনত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰোধৰ বাবে কাম আৰম্ভ কৰা হ’ব | উল্লেখযোগ্য যে এই ঋণৰ প্ৰায় ৯০ শতাংশ ধন ভাৰত চৰকাৰে পৰিশোধ কৰাৰ বিপৰীতে অসম চৰকাৰে ১০ শতাংশ পৰিশোধ কৰিব লাগিব |

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে কৰিবলগা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ কামসমূহ অসম চৰকাৰৰ নিজা পুঁজিৰে কৰা হোৱা নাই কিয়নো এনে কৰিলে একেটা কামৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পুঁজি লাভ কৰাত কিছু সমস্যা আহি পৰে | আনহাতে জৰুৰী ভাৱে প্ৰয়োজন হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে অস্থায়ী আৰু জৰুৰী কাম কৰি খহনীয়া ৰোধ কৰি আছে |

গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
দুৰ্নীতিগ্ৰস্ত সমবায় সভাপতি,সচিবৰ বিৰুদ্ধে যোগান বিভাগৰ গোচৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in