/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/94d74fe8-7609-45f7-8fa9-1e0e1cae2a6b/mANIPURRR.jpg)
ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই মণিপুৰ। এতিয়াও জ্বলিয়েই আছে হিংসাৰ জুই। শনিবাৰৰ সন্ধিয়া মণিপুৰৰ পূব ইম্ফল জিলাৰ চাৱোমুং অঞ্চলত পুনৰ সংঘটিত হয় হিংসাত্মক ঘটনা।
ঘটনা অনুসৰি শনিবাৰে অঞ্চলটোৰ এগৰাকী মহিলাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। হত্যাকাৰীয়ে গুলীয়াইয়ে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ মুখমণ্ডলত প্ৰহাৰ কৰি মৃতদেহ পেলাই থৈ যোৱা ঘটনাই পুনৰ সৃষ্টি কৰিছে হিংসাত্মক পৰিস্থিতিৰ। সশস্ত্ৰ বাহিনীৰ দুৰ্বৃত্তৰ দলটোয়ে মহিলাগৰাকীক বাসগৃহতে আক্ৰমণ কৰে।
এই ঘটনাৰ পাছতেই অঞ্চলটো সাম্ভাব্য হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে মোতায়ন কৰা হৈছে আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ উপৰিও অঞ্চলৰ কেইবাটাও ঘৰত তালাচী অভিযান চলায়। উল্লেখ্য মৃত মহিলাগৰাকী আছিল মাৰিং নাগা সম্প্ৰদায়ৰ।
ইপিনে প্ৰায় ২ মাহ ধৰি অশান্ত হৈ থকা মণিপুৰত স্তব্ধপ্ৰায় জনজীৱন। মূলত দুই সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত ইতিমধ্যেই মৃত্যুক আঁকোৱালি লৈছে শতাধিক লোকে।
Also Read: চিৰাঙত আই-নাঙলভাঙা নৈৰ বুকুত বিপদসংকুল নাও যাত্ৰা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us