চিৰাঙত আই-নাঙলভাঙা নৈৰ বুকুত বিপদসংকুল নাও যাত্ৰা...

যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা । তাৰ মাজতেই যাত্ৰীৰ পৰা আদায় কৰা হৈছে উচ্চ হাৰত ভাৰা...

author-image
Asomiya Pratidin
New Update
চিৰাঙত আই-নাঙলভাঙা নৈৰ বুকুত বিপদসংকুল নাও যাত্ৰা...

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে নাও চলাচল বন্ধ থকাৰ পিছত দেওবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে নাও চলাচল। প্ৰয়োজনীয় যাত্ৰী সুৰক্ষা ব্যৱস্থা নথকাকৈ নাও চলাচলৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা থকা স্বত্বেও নূন্যতম সুৰক্ষামূলক ব্যৱস্থাৰ অবিহনেই আই আৰু নাঙলভাঙা নৈৰ বুকুত টুলুঙা নাওৰে পাৰাপাৰ হৈছে নৈপৰীয়া তথা বানাক্ৰান্ত ৰাইজ।

Advertisment

অন্যান্য নৈৰ তুলনাত অধিক খৰস্ৰোতা বুলি চিহ্নিত আই আৰু নাঙলভাঙা নৈৰ বুকুয়েদি মাত্ৰাধিক মটৰচাইকেল, কৃষিজাত সামগ্ৰী কঢ়িওৱা চাইকেল আৰু যাত্ৰী লৈ বিপদসংকুল ভাবে চলাচল কৰিছে নাও। যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা এই টুলুঙা নাওত যাত্ৰীসকলৰ বাবে নাই নূন্যতম সুৰক্ষা ব্যৱস্থা। এইদৰেই প্ৰতিনিয়ত অঞ্চলটোৰ ৰাইজৰ লগতে ৰোগীসকলেও বিপদসংকুল ভাবে যাতায়াত কৰিব লগাত পৰিছে।

তাৰ মাজতেই ভূতৰ ওপৰত দানব পৰা দি লুণ্ঠন আৰম্ভ কৰিছে নাওৰীয়া তথা লেচী সকলে। মটৰচাইকেল লৈ এজন যাত্ৰীৰ পূৰ্বৰ ভাৰা আছিল ২০-৪০ টকা কিন্তু এইবাৰ ১৫০-৪০০ টকা পৰ্যন্ত ভাৰা লোৱাৰ অভিযোগ স্থানীয় বানাক্ৰান্ত ৰাইজৰ। ইপিনে মধ্যভোগী লেচীৰ পৰা অধিক মূল্যত পাৰাঘাট ডাক লোৱাৰ বাবেই ৰাইজৰ পৰা একপ্ৰকাৰ বাধ্য হৈ অধিক ভাৰা আদায় কৰিব লগা হৈছে বুলি দাবী নাওৰীয়া তথা উপ লেচীৰ।

আনহাতে প্ৰতিবছৰে বাৰিষাৰ বতৰত এই অঞ্চলত নাও দুৰ্ঘটনা সংঘটিত হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছে আৰু মাজ নৈত এনেধৰণৰ নাও দুৰ্ঘটনাৰ কবলত পৰি যাত্ৰীসকলে নিজৰ মটৰচাইকেল হেৰুৱাৰ উপৰি মানুহৰ মৃত্যু পৰ্যন্ত হোৱাৰ নজিৰ আছে।

স্থানীয় ৰাইজৰ অভিযোগ বিগত সময়ছোৱাত নাঙলভাঙা নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ কথা কৈ ভোট সংগ্ৰহ কৰা হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম আদি লোকে পাৰ কৰিলে ১৭ টাকৈ ৰাজনৈতিক বছৰ। কিন্তু দলং নিৰ্মাণ নহ'ল। এইক্ষেত্ৰত প্ৰমোদ বড়োৱেও প্ৰতিশ্ৰুতি দি দলং নিৰ্মাণ নকৰাৰ অভিযোগ অঞ্চলটোৰ ভূক্তভোগী ৰাইজৰ।

Also Read: সুস্থিৰ হোৱা নাই দিল্লীৰ বান পৰিস্থিতিঃ আশ্ৰয় শিবিৰতো জলপ্ৰলয়ৰ আক্ৰমণ...

chirang GOVT OF ASSAM