মণিপুৰত পুনৰ ১০ জুলাইলৈ ইন্টাৰনেট সেৱা বাতিল, শান্তি ঘূৰাই অনাৰ চেষ্টা...

মণিপুৰত এতিয়াও হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আছে। প্ৰায় ২ মাহ ধৰি হোৱা এই সংঘৰ্ষত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু আহত হয়।

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ বৃদ্ধি কৰিলে ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ মণিপুৰত এতিয়াও হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আছে। প্ৰায় ২ মাহ ধৰি হোৱা এই সংঘৰ্ষত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু আহত হয়। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে এই হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ চেষ্টা চলাই আছে।

Advertisment

ইয়াৰ মাজতে ৰাজ্য়খনত ইন্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ১০ জুলাইলৈ বৃদ্ধি কৰে। ৰাজ্যখনত যাতে ভুৱা বা বিভ্ৰান্তিকৰ বাতৰি বিয়পি নপৰে আৰু শান্তি ঘূৰি আহে তাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে।

মণিপুৰত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত ৩ মে'ত প্ৰথমবাৰৰ বাবে বাতিল কৰা হৈছিল ইন্টাৰনেট সেৱা। তেতিয়াৰ পৰা সময়ে সময়ে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে।

মেইটেই আৰু কুকিসকলৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত বৰ্তমান পৰ্যন্ত প্ৰায় ১২০ জন নিহত হোৱাৰ লগতে ৩০০০ ৰো অধিক আহত হৈছে। ইয়াৰোপৰি গৃহহীন হৈছে বহুতো।

Also Read: মুকবধিৰ মাতৃ-কন্যাক ধৰ্ষণকাণ্ডঃ ACP নিলোৎপল ডেকাক শাস্তিমূলক বদলি, এজনক ৰিজাৰ্ভ ক্ল'জ

manipur