মুকবধিৰ মাতৃ-কন্যাক ধৰ্ষণকাণ্ডঃ ACP নিলোৎপল ডেকাক শাস্তিমূলক বদলি, এজনক ৰিজাৰ্ভ ক্ল'জ

নৃশংস,বৰ্বৰ এক ঘটনাই জোকাৰি গৈছিল গুৱাহাটীৰ সাতগাঁও অঞ্চল। মুকবধিৰ এগৰাকী বৃদ্ধা মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ চলোৱাৰ ঘটনা সংঘটিত হৈছিল

author-image
Asomiya Pratidin
New Update
মুকবধিৰ মাতৃ-কন্যাক ধৰ্ষণকাণ্ডঃ  ACP নিলোৎপল ডেকাক শাস্তিমূলক বদলি, এজনক ৰিজাৰ্ভ ক্ল'জ

ডিজিটেল ডেস্কঃ  নৃশংস,বৰ্বৰ এক ঘটনাই জোকাৰি গৈছিল গুৱাহাটীৰ সাতগাঁও অঞ্চল। মুকবধিৰ এগৰাকী বৃদ্ধা মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ চলোৱাৰ ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি ধৰ্ষণ কৰাতেই ক্ষান্ত নাথাকি পাষাণ কেইটাই বৃদ্ধা গৰাকী আৰু তেওঁৰ কন্যাৰ যৌনাংগত সানি দিছিল জলকীয়াৰ গুড়ি।

Advertisment

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও আন ৪ জন বৰ্তমান পলাতক অৱস্থাত আছে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ যুৱক ক্ৰমে- অমিত প্ৰধান, বিমল ছেত্ৰী, ছায়া প্ৰধান আৰু সোনা।

ঘটনাৰ বিৱৰণী অনুসৰি ১৭ মে'ৰ নিশা সংঘটিত হৈছিল এই ঘটনা। নিশাৰ ভাগত অমিত প্ৰধান নামৰ যুৱকজনৰ নেতৃত্বত ৮ জনীয়া দলটো গৈছিল বৃদ্ধাগৰাকীৰ ঘৰলৈ। বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি প্ৰথমে দলটোৱে মাতৃ-কন্যাক ধৰ্ষণ কৰে আৰু পাছত যৌনাংগত জলকীয়াৰ গুৰি সানি আসুৰিক তৃপ্তি লাভ কৰে। যাৰফলত সংজ্ঞাহীন হৈ পৰে দুয়ো।

পৰৱৰ্তী সময়ত যেতিয়া স্থানীয়লোকে দুয়োকে অজ্ঞান অৱস্থাত দেখা পাই, তেতিয়া আৰক্ষীক খবৰ দিয়ে আৰু দুয়োকে সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰে।

এই ঘটনাৰ পাছতেই ACP নিলোৎপল ডেকাক শাস্তিমূলক বদলি কৰে। সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎ‍পল ডেকা গুৱাহাটীৰ পৰা বদলি কৰি ডিমা হাছাওৰ ডিএছপি (Dy.SP)(HQ) হিচাপে নিযুক্তি দিয়ে। আনহাতে সাতগাঁও থানাৰ ASI অলকেশ বৰুৱাক ৰিজাৰ্ভ ক্ল’জ কৰে। বুধবাৰে ৰিজাৰ্ভ ক্ল’জ কৰে অলকেশ বৰুৱাক।

উল্লেখ্য যে, আৰক্ষীয়ে এতিয়াও আন পাষাণ কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত আছে অব্যাহত।

Also Read: গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

crime Assam police