মণিপুৰৰ দুই ছাত্ৰ হত্যা ঘটনাঃ গ্ৰেপ্তাৰ ৪ জনৰ বিপৰীতে আটক...

মণিপুৰৰ দুই ছাত্ৰ হত্যা ঘটনাঃ গ্ৰেপ্তাৰ ৪ জনৰ বিপৰীতে আটক...

ডিজিটেল ডেস্কঃ বিগত জুলাই মাহত মণিপুৰত সংঘটিত দুজন ছাত্ৰৰ হত্যাকাণ্ডৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা ফটোৰ ভিত্তিত প্ৰথমে আটক কৰা হয় অভিযুক্ত কেইজনক। এই ৪জন অভিযুক্তৰ ভিতৰত আছে দুজন পুৰুষ আৰু দুগৰাকী মহিলা। ইয়াৰ উপৰি ঘটনাৰ সন্দৰ্ভত আন দুজন অভিযুক্তকো আটক কৰে আৰক্ষীয়ে। উল্লেখ্য যে, চাৰিওজন গ্ৰেপ্তাৰ হোৱা অভিযুক্ত বৰ্তমান গুৱাহাটীলৈ লৈ অনা হৈছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হ'ল পাওমিনলুন হাওকিপ, মালচাৱন হাওকিপ, লিংনেইচোং বাইটে আৰু টিনিখোল। ইয়াৰে লিংনেইচোং বাইটে নামৰ অভিযুক্তজন মৃত ছাত্ৰীগৰাকীৰ বন্ধু আছিল বুলি জানিব পৰা গৈছে। অভিযুক্তকেইজনক মণিপুৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ এটা ইউনিটে এক যুটীয়া অভিযানত ইম্ফলৰ পৰা ৫১ কিলোমিটাৰ দূৰৈৰ পাহাৰীয়া জিলা চুৰাচান্দপুৰৰ পৰা আটক কৰে।

উল্লেখ্য উক্ত স্থানতেই ৩ মে'ত জাতিগত হিংসাৰ সূত্ৰপাত হৈছিল। অভিযানকাৰী দলটোৱে চাৰিওজন অভিযুক্তক আটক কৰিয়ে চিবিআইৰ হাতত গতাই দিয়ে। সন্ধিয়া প্ৰায় ৫:৪৫ বজাত ইম্ফলৰ পৰা বিমান লৈ অহা হয় অভিযুক্ত কেইজনক।

মণিপুৰৰ দুই ছাত্ৰ হত্যা ঘটনাঃ গ্ৰেপ্তাৰ ৪ জনৰ বিপৰীতে আটক...
জ্যেষ্ঠ নাগৰিকৰ সৃষ্ট শতাব্দী কেলেণ্ডাৰ উন্মোচনেৰে জ্যেষ্ঠ নাগৰিক সন্মিলন উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in