জ্যেষ্ঠ নাগৰিকৰ সৃষ্ট শতাব্দী কেলেণ্ডাৰ উন্মোচনেৰে জ্যেষ্ঠ নাগৰিক সন্মিলন উদযাপন

জ্যেষ্ঠ নাগৰিকৰ সৃষ্ট শতাব্দী কেলেণ্ডাৰ উন্মোচনেৰে জ্যেষ্ঠ নাগৰিক সন্মিলন উদযাপন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাষ্ট্ৰ সংঘৰ ১৯৯১ চনৰ ১৬ ডিচেম্বৰৰ নিৰ্দেশ অনুসৰি প্ৰতি বছৰৰ ১অক্টোবৰৰ দিনটোত বিশ্বজুৰি উদযাপিত হৈ আহিছে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। ২০০৪ চনতে ঢকুৱাখনাত আত্মপ্ৰকাশ কৰা ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগতো দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় জ্যেষ্ঠ নাগৰিক দিৱস। ঢকুৱাখনা নগৰস্থিত সন্মিলনৰ নিজা কাৰ্য্যালয় প্ৰাঙ্গনত পুৱা সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে ।

সন্মিলনৰ অন্তৰ্গত প্ৰায় ৩শতাধিক বৰ্ষীয়ান জ্যেষ্ঠ নাগৰিকৰ অংশগ্ৰহণেৰে জীপাল হৈ পৰা দিৱসৰ প্ৰথম কাৰ্যসূচীৰ পাছতে অনুষ্ঠিত কৰা হয় এক অন্তৰংগ আলাপ অনুষ্ঠানেৰে। জীৱনৰ বিয়লি বেলা পৰ্যন্ত বৰ্ণিল জীৱন যাত্ৰাত উপলব্ধ অম্লমধুৰ অভিজ্ঞতা আৰু স্মৃতি চাৰণ অনুষ্ঠানৰ পাছতেই ৮০উৰ্ধ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । ঢকুৱাখনা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ মিলিৰ বিশেষ তৎপৰতা আৰু উদ্যোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ লিজা কুলি, ধীৰাজ দৈমাৰী, স্বাস্থ্যকৰ্মী ক্ৰমে শংকৰ সৰকাৰ, বিশ্ব লতা কোঁৱৰ, পৰীস্মিতা দাস, পপী বৰুৱা, দ্বীপজ্যোতি তামুলী, ঘন কান্ত শইকীয়াৰ সহযোগত ৩শতাধিক জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় দৰব আৰু পৰামৰ্শ প্ৰদান কৰা হয় ।

ইয়াৰ পাছতে অনুষ্ঠিত কৰা হয় মুকলি সভা । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়াই উদ্বোধন কৰা সভাত সভাপতিত্ব কৰে সন্মিলনৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে । সম্পাদক দ্বিগেন হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষাবিদ, প্ৰবীণ নাট্যকর্মী অমিয় কুমাৰ সন্দিকৈয়ে। জনাকীৰ্ণ সভাতেই সন্মিলনীৰ আজীৱন সদস্য ৮০ উৰ্ধ নাগৰিক গুণাৰাম বৰুৱাই দুটা মাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত প্ৰস্তুত কৰি উলিওৱা এখন শতাব্দী কেলেণ্ডাৰ উন্মোচন কৰা হয় । অৱসৰী শিক্ষাগুৰু বৰুৱাৰ গৱেষণালব্ধ গণনাৰ অবিস্মৰণীয় ফচল স্বৰূপ অনাদি অনন্তকালৰ গ্ৰহণযোগ্যতা থকা এইখন শতাব্দী কেলেণ্ডাৰ উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ ডঃ চন্দ্ৰ নাথ বৰুৱাই । বাৰ্ধক্যই কোঙা কৰা এইগৰাকী প্ৰচণ্ড মানসিক শক্তিধৰ আৰু সাংখ্যিক তত্বজ্ঞান সম্পন্ন অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুৰ এই অনবদ্য উদ্ভাৱনী সম্পদ হাতত লাভ কৰি বিস্মিত হয় গুণমুগ্ধ সতীৰ্থ জ্যেষ্ঠ নাগৰিকসকল। অনাদি অনন্তকালৰ ম্যাদ বিশিষ্ট উদ্ভাৱনী সম্পদৰ স্ৰষ্টা বয়স্ক নাগৰিক গুণাৰাম বৰুৱাৰ এই মহৎ প্ৰয়াসৰ একেমুখে শলাগ লয় উপস্থিত জ্যেষ্ঠ নাগৰিকসকলে ।

ইয়াৰ পাছতেই সমজোৱা বক্তব্যৰ শিতানত জ্যেষ্ঠ নাগৰিক পদ্মা বৰা, হৰেন দলে, বুদ্ধিৰাম ফুকন, তুলসী শইকীয়া, শুন ফুকন আদিয়ে চমু বক্তব্য আগবঢ়ায়। সভাতেই সন্মিলনৰ তৰফৰ পৰা ৮০ আৰু ৯০ বছৰৰ উৰ্ধ বিশিষ্ট নাগৰিক ক্ৰমে ৰমা কান্ত গগৈ, তনু ৰাম দত্ত, তৰুণ কুটুম, মনিকান্ত গগৈ আৰু ৰূপেন চুতীয়াক প্ৰশস্তি পত্ৰ, গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু দীৰ্ঘায়ু-সু স্বাস্থ্যকৰ জীৱনৰ কামনা কৰা হয় । সন্মিলনৰ মুকলি সভাই ঢকুৱাখনা মহকুমা সদৰত এখন জিলা পৰ্য্যায়ৰ অসামৰিক চিকিৎসালয় স্থাপন কৰাৰ দাবী উত্থাপন কৰা হয় । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তদানীন্তন স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঢকুৱাখনাত দি যোৱা এই ৰাজহুৱা প্ৰতিশ্ৰুতি অদ্যপি কাৰ্যকৰী নোহোৱাত ক্ষোভ প্ৰকাশ কৰি সভাই তাৎক্ষণিক ভাৱে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক এইক্ষেত্ৰত গুৰুত্ব প্ৰদানেৰে ঢকুৱাখনাবাসীৰ দীৰ্ঘদিনিয়া অভাৱতো পূৰণ কৰাৰ বাবে জ্যেষ্ঠ নাগৰিক সমাজে আহ্বান জনায় । তাৰোপৰি সভাতেই ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন নৈ উপনৈয়ে মহকুমাটোত সৃষ্টি কৰা বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাকে ধৰি মুঠ ১১টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

জ্যেষ্ঠ নাগৰিকৰ সৃষ্ট শতাব্দী কেলেণ্ডাৰ উন্মোচনেৰে জ্যেষ্ঠ নাগৰিক সন্মিলন উদযাপন
মৰিগাঁৱত মিছন বসুন্ধৰা-২ৰ অগ্ৰগতি পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in