মণিপুৰত ভয়ংকৰ পৰিস্থিতি ! ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

মণিপুৰত এতিয়াও উত্তপ্ত পৰিস্থিতিয়েই বিৰাজ কৰিছে। ৰাজ্যখনত পুনৰ শান্তি স্থাপনৰ বাবে কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে

author-image
Asomiya Pratidin
New Update
মণিপুৰত ভয়ংকৰ পৰিস্থিতি ! ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ মণিপুৰত এতিয়াও উত্তপ্ত পৰিস্থিতিয়েই বিৰাজ কৰিছে। ৰাজ্যখনত পুনৰ শান্তি স্থাপনৰ বাবে কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। দলটোৰ মণিপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া ভক্ত চৰণ দাসেও দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি এতিয়াও ভয়ংকৰ হৈ আছে।

Advertisment

তেওঁ কয় যে, "মণিপুৰত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। ৪০,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ২০,০০০ লোকক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে। ৰাজ্যখনৰ হাজাৰ হাজাৰ ঘৰ ধ্বংস কৰা হৈছে লগতে ১৫-২০ খন আৰক্ষী থানাৰ অস্ত্ৰ-শস্ত্ৰ লুটি নিছে। ৰাজ্যখনৰ পৰিস্থিতি অতি গুৰুতৰ। তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে সমগ্ৰ ঘটনাৰ পূৰ্ব পৰিকল্পনা কৰা হৈছিল। যাৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কৰিছে।

উল্লেখ্য যে, মণিপুৰত মেইটে সকলক এছ টিত অন্তৰ্ভুক্ত কৰা দাবীৰ বিৰোধিতা কৰিয়েই প্ৰতিবাদ আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়।

Also Read: ১২৩ বছৰ পুৰণি অসমীয়া গ্রন্থও আহি পৰিব এতিয়া হাতে হাতে

manipur