১২৩ বছৰ পুৰণি অসমীয়া গ্রন্থও আহি পৰিব এতিয়া হাতে হাতে

এতিয়াৰে পৰা ডিজিটেল মাধ্যমত উপলব্ধ হ’ব পুৰণি আলোচনা আৰু গ্রন্থসমূহ। ১২৩ বছৰ পুৰণি অসমীয়া আলোচনা আৰু গ্রন্থ উলবদ্ধ হ’ব ডিজিটেল মাধ্যমত।

author-image
Asomiya Pratidin
New Update
১২৩ বছৰ পুৰণি অসমীয়া গ্রন্থও আহি পৰিব এতিয়া হাতে হাতে

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ডিজিটেল মাধ্যমত উপলব্ধ হ’ব পুৰণি আলোচনা আৰু গ্রন্থসমূহ। ১২৩ বছৰ পুৰণি অসমীয়া আলোচনী আৰু গ্রন্থ উলবদ্ধ হ’ব ডিজিটেল মাধ্যমত।

Advertisment

বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত শুভাৰম্ভ কৰিলে ‘ডিজিটাইজিং অসম’ নামৰ এক নতুন প্রকল্প। অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ লগতে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ যুটীয়া প্রচেষ্টাত এই প্রকল্পৰ মুকলি কৰা হয়।

ঊনবিংশ শতিকাৰ প্রথমাৰ্ধৰ পৰা বিংশশতিকাৰ মাজ ভাগত প্রকাশ পোৱা অসমীয়া আলোচনা আৰু গ্রন্থসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপ নিশ্চয়কৈ এক আশাৰ বতৰা হ'ব।

Also Read: চৰকাৰে প্ৰদান কৰা খচৰাত খিলঞ্জীয়াৰ ‍ভৱিষ্যৎ সুৰক্ষাৰ নিশ্চিত নিশ্চয়তা নাইঃ অনুপ চেতিয়া