মণিপুৰৰ হিংসাত্মক ঘটনাঃ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ

যি হৈ গ'ল সেয়া অতীত। এতিয়া আমাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰা
মণিপুৰৰ হিংসাত্মক ঘটনাঃ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰক শান্ত কৰাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ কিছু শাম কটাৰ পাছত দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মণিপুৰৰ হৈ যোৱা ঘটনা পাহৰি ৰাজ্যখনক পূৰ্বৰ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যি হৈ গ'ল সেয়া অতীত। এতিয়া আমাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰা। আগতে কোনো সম্প্ৰদায়ৰ মাজত কোনোধৰণৰ কাজিয়া হোৱা নাছিল আৰু অনাগত দিনটো হোৱাটো নিবিচাৰোঁ বুলি মন্তব্য কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মণিপুৰৰ জনজাতীয় সংস্থা মেইটেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছ টি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছিল । এই প্ৰতিবাদৰ মাজতেই দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষৰ ।

প্ৰতিবাদ ইমানেই ভয়াৱহ হৈ উঠিছিল যাৰ ফলত জুই-ধোঁৱাই আৱৰি ধৰিছিল মণিপুৰক। অশান্ত জৰ্জৰিত হৈ পৰিছিল ৰাজ্যখন। যাৰ বাবে প্ৰশাসনে বন্ধ কৰি দিছিল ইণ্টাৰনেট সেৱা।

মণিপুৰৰ হিংসাত্মক ঘটনাঃ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ
গুজৰাটত আমূলৰ পৰীক্ষাগাৰ উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in