গুজৰাটত আমূলৰ পৰীক্ষাগাৰ উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

তেওঁ পোনতে দ্বাৰকাৰ বিখ্যাত দ্বাৰকাধীশ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়
গুজৰাটত আমূলৰ পৰীক্ষাগাৰ উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে ৰাজ্যখনত উপস্থিত হয় গৃহমন্ত্ৰী শ্বাহ।

একাধিক কাৰ্যসূচীৰে গুজৰাটত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শনিবাৰে ওখাস্থিত ৪৭০ কোটি টকা ব্যয়েৰে নিৰ্মিত ৰাষ্ট্ৰীয় উপকূলীয় আৰক্ষী একাডেমীৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰে। আনহাতে দেওবাৰে মন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰস্থিত আমূলৰ জৈৱিক পৰীক্ষাগাৰৰ শুভ উদ্বোধন কৰে।

জানিব পৰা মতে ইয়াৰ পাছতে তেওঁ গান্ধীনগৰৰ নাৰয়ণপুৰা ৱাৰ্ডত এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু পুথিভঁৰাল উদ্বোধন কৰিব। উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহৰ গুজৰাট ভ্ৰমণৰ প্ৰথম দিনটো দিনত তেওঁ পোনতে দ্বাৰকাৰ বিখ্যাত দ্বাৰকাধীশ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়।

গুজৰাটত আমূলৰ পৰীক্ষাগাৰ উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ
৪৭০ কোটি টকা ব্যয়েৰে আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in